গুৱাহাটী

কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হৈছে ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ছাত্ৰ ৰাজনীতিৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচন। ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ ছাত্ৰ সংগঠন সমূহৰ সমৰ্থিত বহু পাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগ বঢ়াইছে এই নিৰ্বাচনত।

৮৯৭৬ গৰাকী কটনিয়ানে ভাগ্য নিৰ্ণয় কৰিব মুঠ ৩৫ জন প্রাৰ্থীৰ। জানিব পৰা মতে, কটন বিশ্ববিদ্যালৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ পদ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৩ গৰাকী প্রাৰ্থীয়ে। সমান্তৰালভাৱে অন্য এটা গুৰুত্বপূৰ্ণ পদ সাধাৰণ সম্পাদক পদতো প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ৩ গৰাকী প্রাৰ্থীয়ে।

মঙলবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিয়লি ২ বজালৈ চলিব ভোটদান। অহা ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।