গুৱাহাটী

কটনৰ সম্পত্তি ‘আউটচৰ্চিং’ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোনো বাহিৰা ব্যক্তি অথবা সংগঠনক কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি ‘আউটচৰ্চিং’কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সন্মতি নিদিয়ে বুলি ষ্পষ্টভাৱে ব্যক্ত কৰাৰ বাবে আৰু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনেধৰণৰ পদক্ষেপ ততালিকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আদৰণি জনাইছে। শেহতীয়াকৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি শিক্ষক সংস্থাই কয়- মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব বুলি কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে ।

উল্লেখ্য যে,কটন বিশ্ববিদ্যালয়কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় ষ্টেট বেংকে এটা ক্ষেত্ৰীয় কাৰ্যালয় নিৰ্মাণৰ যি প্ৰস্তাৱ যোৱা ৮ মাৰ্চ তাৰিখে অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত উত্থাপন কৰিছিল, কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই পোনচাটেই বিভিন্ন যুক্তিৰে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছিল। আলোচনাৰ অন্তত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন সমিতি গঠনৰ দ্বাৰা ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰেৰিত প্ৰস্তাৱৰ সম্ভৱপৰতা চালি-জাৰি চাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।  কিন্তু আশ্চৰ্যজনকভাৱে কাৰ্যবাহী পৰিষদৰ সেই সিদ্ধান্ত অজ্ঞাত কাৰণত সংশোধন কৰি কৰ্তৃপক্ষই আন বহিৰাগত প্ৰতিষ্ঠানৰ বাবেও স্থান নিৰ্বাচনৰ উদ্দেশ্যেৰে যোৱা ১৩ মে’ত এখন সমিতি গঠন কৰিছিল। যাৰ প্ৰতিক্ৰিয়া বহুলভাৱে বিয়পি পৰাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীখন উঠাই লবলৈ বাধ্য হয় ।

বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থাই লগতে নিজৰ স্থিতি স্পষ্ট কৰি কয়-  এনেধৰণৰ কাৰ্য সম্পাদন কৰিবলৈ যোৱাৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা সমগ্ৰ বিষয়বোৰ বিবেচনা কৰি আৰু সংশ্লিষ্ট অংশীদাৰ সকলোকে জড়িত কৰিহে কৰ্তৃপক্ষ আগবঢ়া উচিত বুলি বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে । লগতে, কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তক অৱমাননা বা বিকৃত নকৰিবলৈও শিক্ষক সংস্থাই কৰ্তৃপক্ষক অনুৰোধ জনায় । এক প্ৰেছ বিজ্ঞপ্তিযোগে কটনবিশ্ববিদ্যালয় শিক্ষক সংস্থাৰসভাপতি ড০ সুৰেশ কুমাৰ নাথ আৰু সম্পাদক ড০ জ্ঞানেন্দ্ৰ বৰ্মণে এই কথা অৱগত কৰিছে।