গুৱাহাটী

শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগত আন্তঃগোষ্ঠীয় সাংস্কৃতিক অনুশীলনৰ আয়োজন

Asomiya Pratidin

ডিজিটেল ডেস্ক : সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত ফাউণ্ডেচনে অহা ১৭ ডিচেম্বৰ,২০২৩ত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আন্তঃগোষ্ঠীয় সাংস্কৃতিক অনুশীলনৰ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ প্ৰস্তুতি হিচাপে বিটিএডি,মাজুলী আৰু গুৱাহাটীত বিগত কেইবামাহ ধৰি পূৰ্ণগতিত অনুশীলন চলি থকাৰ কথা উদ্যোক্তাই জনায়।

অনুষ্ঠানভাগি নিয়াৰিকৈ পৰিচালনাৰ বাবে যাৱতীয় পৰিকল্পনা যুগুত কৰা আৰু দায়িত্বসমূহ ভগাই দিয়াৰ উদ্দেশ্যে ২৮ অক্টোবৰৰ দিনা বিয়লি ৪ বজাত ৰাজগড়স্থিত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ (নামঘৰ)ত এক বৈঠকৰ আয়োজন কৰা হৈছে। এই যাত্ৰাত সকলোৰে সহযোগিতা কামনা কৰিছে।