অসমত স্থাপন হ'ব ডিফেন্স ক'ৰিডৰ: শীঘ্ৰে আৰম্ভ হ'ব গেছ ক্ৰেকাৰ প্ৰকল্প, বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম...  
গুৱাহাটী

অসমত স্থাপন হ'ব ডিফেন্স ক'ৰিডৰ: শীঘ্ৰে আৰম্ভ হ'ব গেছ ক্ৰেকাৰ প্ৰকল্প, বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমত স্থাপন হ'ব দেশৰ তৃতীয়টো ডিফেন্স ক'ৰিডৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি এই সন্দৰ্ভত প্ৰস্তাৱ আগবঢ়াইছে।

ড০ শৰ্মাই নিৰ্মলা সীতাৰমণক জাগীৰোডত ছেমি কণ্ডাক্টৰ স্থাপন কৰাৰ দৰেই ডিফেন্স মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ হাবৰ বাবে এটা ডিফেন্স ক'ৰিডৰ স্থাপন কৰাৰ বাবে প্ৰস্তাৱ দিছে। এই সন্দৰ্ভত দুয়োৰে মাজত হোৱা আলোচনাৰ অন্তত বিত্তমন্ত্ৰীগৰাকীৰ পৰা ইতিবাচক সহাৰি লাভ কৰিছে বুলি জানিবলৈ দিছে ড০ শৰ্মাই। উল্লেখ্য যে, ইতিমধ্যে তামিলনাডু আৰু উত্তৰ প্ৰদেশত আছে দুটা ডিফেন্স কৰিডৰ।

আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো ইউনিট শীঘ্ৰে আৰম্ভ কৰা হব। ইয়াৰোপৰি লেপেটকাটাৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ সম্প্ৰসাৰণ আৰু বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ প্ৰকল্পৰো কাম শীঘ্ৰেই আৰম্ভ কৰাৰ প্ৰসংগতো কেন্দ্ৰীয় মন্ত্ৰীৰে আলোচনা কৰা হৈছে৷

মন কৰিবলগীয়া যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, নগৰ উন্নয়ন আৰু শক্তিমন্ত্ৰী মনোহৰ লাল খট্টৰ,  কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আদিক সাক্ষাৎ কৰিছিল।এই সময়ছোৱাত প্ৰতিগৰাকী মন্ত্ৰীৰে তেওঁ অসমৰ সন্দৰ্ভত বহু কেইটা বিষয়ৰ ওপৰত আলোচনা কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেৰে তেওঁ অসমৰ আধাৰ কাৰ্ড বঞ্চিত ৯ লাখ ২২ হাজাৰ লোকৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত তেওঁ গৃহমন্ত্ৰীগৰাকীক জনাই যে, অসমৰ এন আৰ চিৰ বাবে ৯ লাখ ২২ হাজাৰ লোকৰ বায়মেট্ৰিকছ বন্ধ হৈ আছে। সেয়ে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰা নাই। এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে শ্বাহে। তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈ মীমাংসা কৰাৰ আশ্বাস দিছে৷

এই ভ্ৰমণৰ সময়ত বিত্তমন্ত্ৰীয়ে বাজেটত অসমৰ বান সমস্যা সমাধানৰ বাবে দিয়া আশ্বাসৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। আলোচনাৰ সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হাইড্ৰ’কাৰ্বন সম্প্ৰসাৰণ, চিকিৎসা আন্তঃগাঁথনি উন্নয়ন, অসমক দক্ষিণ পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলা, PMGSY আৰু MGNREGA অধিক ৰূপায়ণ, ডিফেন্স কৰিডৰ স্থাপন,  PMAY-U ৰ অধীনত আৱাসগৃহ, IIM গুৱাহাটীৰ শৈক্ষিক পাঠ্যক্ৰম, ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে এই বিভাগৰ মুখ্য প্ৰকল্প যেনে কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ৰিং ৰোড উন্নীত কৰণ, কামাখ্যাৰ পৰা অযোধ্যালৈ ৰেল চলাচল, বৰাক উপত্যকা আৰু কলকাতাৰ মাজত বাংলাদেশহৈ ৰেল সেৱাৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে।