গুৱাহাটী

বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসৰ পদ খাৰিজৰ দাবী

Asomiya Pratidin

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ প্ৰাক-ক্ষণত অসম প্ৰদেশ কংগ্ৰেছৰ অৱস্থা সুস্থিৰ নহয়। দলটোৰ ভিতৰচ'ৰাত দেখা দিছে তীব্ৰ অসন্তুষ্টি। আউল লগাইছে দলৰে বিধায়কে।

কংগ্রেছৰ দুগৰাকী বিধায়কৰ পদ খাৰিজৰ দাবী তুলিছে কংগ্ৰেছ বিধায়িনী দলে। শুকুৰবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্রেছ বিধায়িনী দলে অভিযোগ পত্র দাখিল কৰে।

অভিযোগ পত্ৰত উল্লেখিত অনুসৰি দলটোৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসৰ পদ খাৰিজৰ দাবী জানাইছে। দুয়োগৰাকী বিধায়কৰ শেহতীয়া ৰাজনৈতিক স্থিতিক লৈ অসন্তুষ্ট কংগ্রেছ দল।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত কমলাক্ষ দে পুৰকায়স্থই দল ত্যাগ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিৰ পদ ত্যাগ কৰিছিল। পুৰকায়স্থৰ লগতে বসন্ত দাসেও এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছত থাকি চৰকাৰক মুকলি সমৰ্থন কৰিছিল। তেওঁলোকৰ এনে স্থিতিক লৈ বিমোৰত পৰিছে দলটো।

ইয়াৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছিল। দলে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগে সেই বিষয়ে তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল।