নিশাৰ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড... 
গুৱাহাটী

নিশাৰ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড...

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড।

  • মহানগৰীৰ অম্বিকাগিৰী নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

  • দাও দাওকৈ জ্বলি উঠিল এটা বাসগৃহ।

  • অম্বিকাগিৰী নগৰৰ ত্রিবেণী পথৰ হাউচ নং ৬৪ত এই অগ্নিকাণ্ড।

  • কথমপি প্রাণৰক্ষা সিদ্ধাৰ্থ শইকীয়া নামৰ লোকজনৰ।

  • বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

  • কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন।

  • অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত।