চাকৰিৰ ক'লা বজাৰে চুইছেগৈ বিজেপিৰ বৰঘৰঃ দ্বীবন, অনুৰাগৰ মুখত শান্তনু পূজাৰীৰ নাম... 
গুৱাহাটী

চাকৰিৰ ক'লা বজাৰে চুইছেগৈ বিজেপিৰ বৰঘৰঃ দ্বীবন, অনুৰাগৰ মুখত শান্তনু পূজাৰীৰ নাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই অসমত চলি থকা চাকৰিৰ এখন ক'লা বজাৰৰ দিশটোক পোহৰলৈ আনিছে। কিদৰে বিজেপিৰ একাংশ নেতাই চাকৰি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিবনুৱাৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছিল সেই কথা লাহে লাহে পোহৰলৈ আহিছে।

ইন্দ্ৰাণী কাণ্ডৰ সৈতে নাম সাঙুৰ খাই আৰক্ষীৰ জিম্মাত থকা দ্বীবন ডেকা, অনুৰাগ চলিহাই চাকৰিৰ বিনিময়ত ৩ লাখকৈ টকা সংগ্ৰহ কৰা আৰু ইয়াৰে আঢ়ৈ লাখ টকা ওপৰত দিবলাগে বুলি দিয়া স্বাকীৰোক্তিৰ পাছতে ৰাজ্যজুৰি সেই ওপৰৰ মানুহবোৰ কোন বুলি প্ৰশ্ন উত্থাপন হৈছিল যদিও সেই ওপৰৰ মানুহবোৰৰ পৰিচয় ৰাজহুৱা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ পোৱা তথ্য অনুসৰি চাকৰিৰ এই ক'লা বজাৰখনৰ শিপা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় পাইছেগৈ।

জানিব পৰা মতে আৰক্ষীৰ জেৰাত দ্বীবন ডেকা আৰু অনুৰাগ চলিহাই নাম লৈছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বিজেপি নেতা শান্তনু পূজাৰীৰ। শান্তুনু পূজাৰী বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যালয় অধ্যক্ষ, এ আই আই ডি চিৰ অধ্যক্ষৰ দায়িত্বত আছে। ইয়াৰোপৰি তেওঁ শেহতীয়াকৈ ক্ৰীড়া সংগঠক হিচাপেও আত্মপ্ৰকাশ কৰিছিল। বিজেপি নেতা হোৱাৰ সুৱাদতে তেওঁ লাভ কৰিছিল অসম ফুটবল সন্থাৰ সভাপতিৰো দায়িত্ব।

আৰক্ষীৰ জেৰাত দুই অভিযুক্তই প্ৰকাশ কৰা অনুসৰি শান্তনু পূজাৰীয়ে বহু চাকৰি প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল লাখে লাখে ধন। আনহাতে ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কৰা কাণ্ডৰ সৈতেও জড়িত আছে এইগৰাকী বিজেপি নেতা।

আৰক্ষীৰ আগত দ্বীবন ডেকাই প্ৰকাশ কৰা অনুসৰি ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ ২ দিন পূৰ্বে যোৰহাটত দুয়ো একেলগে আছিল। দ্বীবন ডেকাই শান্তুনু পূজাৰীলৈ প্ৰেৰণ কৰিছিল ইন্দ্ৰাণী অনুৰাগৰ অন্তৰংগ মুহূৰ্তৰ ফটো।

ইফালে চানমাৰি আৰক্ষী থানাত আজি ভুক্তভোগী চাকৰি প্ৰাৰ্থী উপস্থিত হৈ ঘটনা সন্দৰ্ভত মুখ খুলিছে। ৪ গৰাকীকৈ ভুক্তভোগীয়ে চানমাৰি আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত মুখ খোলাৰ পাছতে তেওঁলোকৰ ভাষ্য ন্যায়ালয়ত ৰেকৰ্ড কৰিছে।

উল্লেখ্য যে অনুৰাগ চলিহাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল চাকৰি প্ৰাৰ্থীৰ ৫০ খন এডমিট কাৰ্ড। আনহাতে অসীম চক্ৰৱৰ্তীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৪০ খন এডমিট কাৰ্ড। উদ্ধাৰ হোৱা এই এডমিট কাৰ্ডৰ পৰাই আৰক্ষীয়ে চাকৰি প্ৰাৰ্থীসকলৰ এখন তালিকাও প্ৰস্তুত কৰিছে।

এই তালিকাত যোৰহাটৰ লগতে নলবাৰী জিলাৰ বহু প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে।তালিকাত আছে গুৱাহাটীৰ ১২ গৰাকী প্ৰাৰ্থীৰ নাম। জানিব পৰা মতে এই পৰ্যন্ত নলবাৰীৰ মুঠ ২৫ গৰাকী প্ৰাৰ্থীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে।