গুৱাহাটী

প্ৰেছ ক্লাবত কাৰ্টুনিষ্ট প্ৰদীপ নাথৰ ডিজিটেল কাৰ্টুন প্ৰদৰ্শনী

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যখনৰ আগশাৰীৰ কাৰ্টুনিষ্ট প্ৰদীপ নাথৰ শেহতীয়া সৃষ্টিৰ এখন প্ৰদৰ্শনী শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত প্ৰেছ ক্লাবৰ সদস্য নাথে ডিজিটেল মাধ্যমত প্ৰায় ৪০খন শিল্পকৰ্ম প্ৰদৰ্শন কৰে।

প্ৰদৰ্শনীখনত প্ৰদৰ্শিত নাথৰ কাৰ্টুনসমূহৰ মূল উপজীব্য আছিল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আৰু সমাজ ব্যৱস্থা। ৰাজ্যখনৰ বহুকেইগৰাকী প্ৰভাৱশালী নেতাক অৱলম্বন কৰি নাথে কাৰ্টুনসমূহ সম্পূৰ্ণ কৰিছে।

প্ৰায় দুটা দশক ধৰি এই সাধনাত জড়িত নাথে এতিয়ালৈ সহস্ৰাধিক কাৰ্টুন সৃষ্টি কৰিছে আৰু বাতৰি কাকতত প্ৰকাশিত কাৰ্টুনসমূহে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে। পৰৱৰ্তী পৰ্যায়ত অন্য কাৰ্টুন শিল্পীসকলৰো সৃষ্টিৰাজি প্ৰদৰ্শনত প্ৰেছ ক্লাৱে গুৰুত্ব আৰোপ কৰিব।

উল্লেখ্য যে, 'অসমীয়া প্ৰতিদিন'ত জ্যেষ্ঠ কাৰ্টুনিষ্ট হিচাপে কৰ্মৰত নাথৰ কাৰ্টুনে সকলোৰে পৰা ভূয়সী প্ৰশংসা লাভ কৰি আহিছে। ব্যাংগাত্মকভাৱে সমাজৰ প্ৰকৃত ছবিখন তুলি ধৰিবলৈ সমৰ্থ হোৱা নাথৰ কাৰ্টুনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যবাসীক দি আহিছে নতুন চিন্তাৰ খোৰাক।