৭২ বছৰত জীৱন নাট সামৰিলে আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাই 
গুৱাহাটী

৭২ বছৰত জীৱন নাট সামৰিলে আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'আছাম ট্ৰিবিউন গোষ্ঠী'ৰ অন্যতম সঞ্চালক তথা স্বত্বাধিকাৰ সুৰজিৎ গোবিন্দ বৰুৱা আৰু নাই। ১৫ অক্টোবৰ, ২০২৪ মঙ্গলবাৰে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে পুৱা ১০:৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।

'আছাম ট্ৰিবিউন গোষ্ঠী'ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত তুলসী গোবিন্দ বৰুৱাৰ পুত্ৰ আছিল সুৰজিৎ গোবিন্দ বৰুৱা। তুলসী গোবিন্দ বৰুৱাৰ মৃত্যুৰ পাছত অসমবাণী প্ৰাইভেট লিমিটেড আৰু আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডৰ অন্যতম সঞ্চালক ৰূপে গধূৰ দায়িত্ব পালন কৰিছিল বৰুৱাই।

১৯৯৫ চনৰ ২৯ ডিচেম্বৰত তেওঁ অসমবাণী প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু ১৯৮৭ চনৰ ১০ আগষ্টত আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ, দুগৰাকী কন্যা আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। ১৯৫২ চনৰ ৮ জুলাইত জন্মগ্ৰহণ কৰিছিল বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭২ বছৰ আছিল।

তেওঁৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে - 'দ্য আছাম ট্ৰিবিউন' গোষ্ঠীৰ সঞ্চালক, অন্যতম স্বত্বাধিকাৰী সুৰজিৎ গোবিন্দ বৰুৱা ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিৰ খবৰটি পাই শোকাহত হৈছোঁ। সংবাদ জগতলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনৱদ্য অৱদান স্মৰণীয় হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা ট্ৰিবিউন গোষ্ঠীৰ সদস্যসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!