গুৱাহাটী

আমিনগাঁৱত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল ডেস্ক : আমিনগাঁৱৰ সমীপৱৰ্তী আগিয়াঠুৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে দিনৰ ভাগত এখন ছুইফট (এ এছ ০১-এফ কিউ-৮৫৩৫) গাড়ীত আহি আছিল ৩জনীয়া ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দল।

আৰক্ষীয়ে এই কথা গম পাই দলটোক বাহনখন ৰখাবলৈ সংকেত দিয়ে। কিন্তু দলটোৱে আৰক্ষীৰ সংকেতৰ প্ৰতি গুৰুত্ব নিদি গাড়ীখনৰ পৰা এজনে আৰক্ষীলৈ গুলী নিক্ষেপ কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় আৰু দলটোৰ এজন সৰবৰাহকাৰী নিহত হয়।

বাহনখনত থকা বাকী দুজনক আৰক্ষীয়ে আটক কৰে। ইফালে আৰক্ষীৰ গুলী সাধাৰণ লোকৰ দেহতো লগা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।