লুৰীণজ্যোতিক কটাক্ষ কৰি ৫০ হাজাৰ টকাৰ নিৰ্বাচনী সাহায্য দিলে দুলু আহমেদে... 
গুৱাহাটী

লুৰীণজ্যোতিক কটাক্ষ কৰি ৫০ হাজাৰ টকাৰ নিৰ্বাচনী সাহায্য দিলে দুলু আহমেদে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সদ্য প্ৰাক্তন অসম জাতীয় পৰিষদৰ নেতা তথা বৰপেটা লোকসভা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা দুলু আহমেদে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী পুঁজিলৈ আগবঢ়ালে ৫০ হাজাৰ টকা। লুৰীণ জ্যোতি গগৈৰ কিছু দিনৰ আগৰ সতীৰ্থ তথা অজাপৰ প্ৰাক্তন উপ-সভাপতি দুলু আহমেদে অৱশ্যে এই ৫০ হাজাৰ টকা আগবঢ়ায় এক্স (পূৰ্বৰ টুইটাৰ)ত লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষহে কৰিছে।

তেওঁ লুৰীণজ্যোতিক 'সৎ কংগ্ৰেছী' বুলি আখ্যা দিছে। তেওঁ কৈছে, কংগ্ৰেছ দলে লুৰীণক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আৰ্থিকভাৱে সহায় কৰাৰ কথা দিও কথা নাৰাখিলে। ইয়াৰ বিপৰীতে লুৰীণৰ ফটোৰ লগত হাতৰ চিহ্ন ব্যৱহাৰ কৰি ৰাইজৰ পৰা ভোট বিচাৰি তেওঁক ৰাজনৈতিকভাৱে নিঃশেষহে কৰিলে।

উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছকে ধৰি একাধিক ৰাজনৈতিক দলৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈৰ ফটো ব্যৱহাৰ কৰি কংগ্ৰেছে হাতৰ চিহ্ন লগাই ভোট বিচাৰিছে। ইয়াকে লৈ শেহতীয়াকৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। তাৰ মাজতে দুলু আহমেদে এইদৰে কৰা কটাক্ষও বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে ন বিজেপি, নেতা, মন্ত্ৰীসকলে লুৰীণক বদনাম কৰিব পাৰে বুলিও সতৰ্ক কৰি দিছে একেটা পোষ্টত। দুলু আহমেদে এক্সত লিখা সেই পোষ্টৰ পঢ়ক সবিশেষ-

''ভাইটি লুৰীণ জ্যোতি গগৈ ডাঙৰীয়া, আপোনাৰ আজি এই দুৰৱস্থা দেখি সচাকৈ আজি মোৰ দুখ লাগিছে,ভাইটি বিপদত পৰিলে সহায় কৰাটো সকলোৰে কৰ্তব্য।

এফালে কংগ্ৰেছ দলে আপোনাক কথা দিওঁ আৰ্থিক ভাৱে সহায় নকৰিলে আৰু আনফালে কংগ্ৰেছ দলে আপোনাৰ ফটোৰ লগত হাতৰ চিহ্ন দি ৰাইজৰ পৰা ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ কৰি আপোনাক ৰাজনৈতিক ভাবে নিঃশেষ কৰিলে।

আপুনিও বৰ্তমান এগৰাকী কংগ্ৰেছী বুলি সকলোৱে জানে আৰু মইও এগৰাকী প্ৰাক্তন কংগ্ৰেছী হিচাপে আপোনাক ৫০০০০ (পঞ্চাশ) হাজাৰ বৰঙণি আগবঢ়ালোঁ।

আপুনি সাৱধানে থাকিব,যিহেতু আপুনি এগৰাকী সৎ কংগ্ৰেছী ৰাজনীতিক সেই গতিকে আপোনাক বদনাম কৰাৰ বাবে ন বিজেপি নেতা মন্ত্ৰী সকলে বিজেপি কৰ্মীৰ জৰিয়তে আপোনাৰ বেংক একাউন্টত টকা জমা কৰি দিব পাৰে।'' (দুলু আহমেদৰ এক্স পোষ্ট, অসম্পাদিত)