গুৱাহাটী

শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটি’ৰ উদ্যোগত শিক্ষাবিদ, সাহিত্যিক ড০ প্ৰদীপ জ্যোতি মহন্তক সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : ড০ প্ৰদীপ জ্যোতি মহন্ত। জ্ঞানৰ জ্যোতিৰে প্ৰদীপ জ্বলাই অসমীয়া সাহিত্য, সংস্কৃতি, সমাজ, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ তেঁও আগবঢ়াইছে অনস্বীকাৰ্য অৱদান।

প্ৰচাৰ বিমুখ তথা নীৰলস সাধনাত ব্ৰতী এইগৰাকী বৰেণ্য ব্যক্তিৰ পাণ্ডিত্যই উদ্বুদ্ধ কৰিছে বিভিন্নজনক। এইগৰাকী সুপ্ত সাধক তথা শিক্ষাবিদ-সাহিত্যিকক সন্মান জনোৱাৰ উদ্দেশ্য অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ‘বৰেণ্য পৰ্ব-১’ শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ।

শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটিৰ উদ্যোগত দেওবাৰে আয়োজিত উক্ত অনুষ্ঠানত ড০ প্ৰদীপ জ্যোতি মহন্তক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধিত ব্যক্তি ড০ মহন্তক শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটিৰ হৈ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, স্বপ্নালী মহন্তকে প্ৰমুখ্য কৰি ন্যাসৰ বিষয়ববীয়াসকলে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

তেখেতক ফুলাম গামোচা, অসমীয়া গহণা সম্বলিত এটি স্মাৰক, ন্যাসৰ স্মাৰক, প্ৰশংসা পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অধ্যাপক ড০ মিলন জ্যোতি নেওগ। ড০ নেওগে আজিৰ অনুষ্ঠানৰ মধ্যমণি ড০ প্ৰদীপ জ্যোতি মহন্ত সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

তেখেতে কয় যে ড০ প্ৰদীপ জ্যোতি মহন্ত এগৰাকী নীৰৱ সাধক। বিভিন্ন সমাজমুখী কাম কৰিও নিজকে সদায় প্ৰচাৰৰ পৰা আঁতৰত ৰাখে।

বিষ্ণুপ্ৰসাদ ৰাভাৰ বহু গীত তেখেতে আৱিষ্কাৰ কৰাৰ কথাও বক্তাগৰাকীয়ে উল্লেখ কৰে। ইয়াৰোপৰি তেঁও অসমৰ সাহিত্য তথা সংস্কৃতিৰ ক্ষেত্ৰত ড০ প্ৰদীপ জ্যোতি মহন্তৰ অৱদান সম্পৰ্কে মত প্ৰকাশ কৰে। ছাত্ৰ হিচাপে তেঁওৰ সান্নিধ্যৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে নিৰ্দিষ্ট বক্তাগৰাকী।

যেতিয়া মিলন নেওগে পি এইছ ডিৰ বাবে গৱেষণা কৰি আছিল, সেই সময়ছোৱাত ড০ প্ৰদীপ জ্যোতি নেওগে তেঁওৰ জীৱনত কৰা ৰেখাপাত সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে।  কিদৰে গাঁৱৰ সহজ-সৰল ছাত্ৰ এজনৰ মনত আত্মবিশ্বাসৰ ভাব যোগাই তুলিছিল সেই সম্পৰ্কে ব্যাখ্যা কৰি নষ্টালজিক হৈ পৰে ড০ মিলন জ্যোতি নেওগ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অধ্যাপক ড০ নেওগ প্ৰদীপ জ্যোতি মহন্তৰ একালৰ ছাত্ৰ আছিল।

অনুষ্ঠানত সম্বৰ্ধনাগ্ৰহণ কৰি ড০ প্ৰদীপ জ্যোতি মহন্তই কয়- ‘মই ব্যক্তিগতভাৱে কিছু কাম কৰোঁ। কিন্তু সেয়া কোনোবাই প্ৰচাৰ কৰক বুলি নকৰো। কাকো এই বিষয়ে কৈও নুফুৰো।

অসমৰ সাংস্কৃতিক কাম-কাজ তথা সামাজিক কাম-কাজৰ সৈতে মহাপুৰষজনাৰ অৱদান অপৰিসীম। সেইবোৰ কথা বুজিবলৈ, জানিবলৈ কিছু অধ্যাৱসায় কৰো।

এনদৰে কৰা অন্বেষণৰ মাজেদি মনলৈ অহা উপলব্ধিসমূহ ৰাইজৰ মাজলৈ বিলাই দিয়াৰ চেষ্টা কৰো। গতিকে মই কৰা এই কামখিনিকে হয়তো আজিৰ এই অনুষ্ঠানটোৱে ভাল পালে আৰু সন্মান জনালে। এই চেগতে অনুষ্ঠানটিৰ আটাইলৈ কৃতজ্ঞতা জনালো।‘

সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে এটি কথোপকথন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটিত ড০ প্ৰদীপ জ্যোতি মহন্তৰ কৰ্মৰাজি, অন্বেষণ আদি বিভিন্ন দিশ সন্দৰ্ভত কিঞ্চিত জানিবলৈ প্ৰয়াস চলোৱা হয়। কথোপকথন অনুষ্ঠানৰ আঁত ধৰে ভাস্কৰজ্যোতি মহন্তই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০০৩চনত গঠন কৰা হৈছিল শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটি’ৰ। এই অনুষ্ঠানটিৰ অংশস্বৰূপে ‘সেতুবন্ধ’ৰ উদ্যোগত বিভিন্ন গঠনমূলক সামাজিক তথা সাংস্কৃতিক কাম-কাজ কৰি আহিছে।

অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটি’ৰ ন্যাসৰক্ষী, বিশিষ্ট সাংবাদিক তথা প্ৰাক্তন তথ্য আয়ুক্ত ড০ সমুদ্ৰ গুপ্ত কাশ্যপে বিগত সময়ছোৱাত ন্যাসৰ উদ্যোগত কৰি অহা কাৰ্য্যাৱলীৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ন্যাসৰ সভানেত্ৰী ড০ নিৰুপমা মহন্তই।

উক্ত অনুষ্ঠানত শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ’চাইটি’ৰ কাৰ্যকৰ্তাসকলৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিভিন্ন ক্ষেত্ৰৰ গন্য মান্য ব্যক্তিসকল উপস্থিত থাকি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি জীপাল কৰি তোলে।