আজি 'সূৰ্য'ত কুলদা কুমাৰ ভট্টাচাৰ্যক শেষ শ্ৰদ্ধা জনাব পাৰিব অনুৰাগীয়ে... 
গুৱাহাটী

আজি 'সূৰ্য'ত কুলদা কুমাৰ ভট্টাচাৰ্যক শেষ শ্ৰদ্ধা জনাব পাৰিব অনুৰাগীয়ে...

জি এম চি এইছত সম্পন্ন হ'ব দেহ দানৰ আনুষ্ঠানিকতা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি কুলদা কুমাৰ ভট্টাচাৰ্যক শেষ শ্ৰদ্ধা জনাব পাৰিব তেওঁৰ অনুৰাগীসকলে। দিছপুৰ হাস্পতালত শুকুৰবাৰে নিশা প্ৰায় ৮-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰা প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীক পুৱা প্ৰায় ৯-৩০ বজাত তেওঁৰ ৰিহাবাৰীত থকা বাসগৃহলৈ লৈ যোৱা হ'ব।

তেওঁৰ ভতিজা আৰু ভতিজা বোৱাৰী অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ থকাৰ বাবেই তেওঁক বাসগৃহলৈ কিছু সময়ৰ বাবে লৈ যাব। তাৰ পাছতেই অভিনেতাগৰাকীৰ শেষ ইচ্ছানুসৰিয়েই পুৱা ১০ বজাত উজানবজাৰৰ সূৰ্যলৈ লৈ যোৱা হ'ব।

তাতেই অনুৰাগীসকলে তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।

ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেওঁ মৰণোত্তৰ দেহ দান কৰি থৈ গৈছে। সেয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দিনৰ প্ৰায় ১-৩০ বজাত তেওঁৰ মৰণোত্তৰ দেহদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হ'ব।