গুৱাহাটী

যোৰপুখুৰীস্থিত শ্ৰী সত্য সাই সাধনা নিলয়মত 'ফেষ্টিভেল অৱ জয়' শীৰ্ষক অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : মঙলবাৰে গুৱাহাটীৰ যোৰপুখুৰীস্থিত শ্ৰী সত্য সাই সাধনা নিলয়মত "ফেষ্টিভেল অৱ জয়" নামৰ এটি অতি সুন্দৰ, ফলপ্ৰসূ আৰু মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত প্ৰায় ৩২০ গৰাকী বিশিষ্ট অতিথি, বিভিন্ন শিক্ষনুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, পিতৃ- মাতৃৰ লগতে শ্ৰী সত্য সাই বাল বিকাশৰ ছাত্ৰ-ছাত্ৰী আৰু বহুতো সাই ভক্ত উপস্থিত থাকে।

প্ৰথমতে তিনিবাৰ ওঁমকাৰ কৰি বাবাৰ বেদীত বন্তি প্ৰজ্বলন কৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক সভাপতি সত্যেন শৰ্মা আৰু জ্যেষ্ঠ সাই ভগ্নী অনুপমা চৌধুৰীয়ে। ইয়াৰ লগে লগে বাল বিকাশৰ প্ৰাক্তন ছাত্ৰী নিবেদনা কটকী আৰু পিংকী শৰ্মাই বেদপাঠ কৰে। লগতে এটি ভজন পৰিবেশন কৰি গোটেই পৰিবেশটো আধ্যাত্মিকময় কৰি তোলে।

ইয়াৰ পাছত আদৰণি ভাষণ আগবঢাই অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সভাপতি ডা০ গকুল চন্দ্ৰ দাসে। ইয়াৰ পাছত সত্যেন শৰ্মাই এই অনুষ্ঠানৰ তাৎপৰ্য অতি সুন্দৰ আৰু সাৱলীলভাৱে ব্যাখ্যা কৰে।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জিতেন্দ্ৰ কুমাৰ চৌধুৰীক এখনি ফুলাম গামোচাৰে আদৰণি জনাই ন্যাসৰক্ষী কৰ্ণেল অৰুণ শৰ্মাই। বিশিষ্ট অতিথি চৌধুৰীয়ে সমজুৱাক আৰু পিতৃ-মাতৃসকলক উদ্দেশ্যি বৰ্তমান সমাজত চলিবলৈ অতি মূল্যৱান সাৰুৱা বক্তব্য আগবঢ়ায়।

ইয়াৰ পাছতে সাই ভাতৃ সুশীল সেনগুপ্তা আৰু তেওঁৰ সংগীবৃন্দই এটি ভজন পৰিবেশন কৰে। বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীত পৰিবেশন কৰি অনুষ্ঠানটি মনোমোহা আৰু আনন্দময় কৰি তোলে।

বিশেষকৈ জ্ঞানপীঠ বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে বহু কেইটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে। বিদ্যালয়খনৰে এজন ছাত্ৰই থিতাতে শিৰদী সাই বাবাৰ এখনি ছবি আঁকি সমজুৱাৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰে। বাল বিকাশৰ প্ৰাক্তন ছাত্ৰী নিবেদনা কটকীয়ে তেঁওৰ বাল বিকাশৰ শিক্ষাৰ অভিজ্ঞতাৰ ওপৰত এটি সুন্দৰ বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ তথা সংগীত শিক্ষক  নীলোৎপল হাজৰিকাক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই ড০ গকুল চন্দ্ৰ দেৱে। সংগীতজ্ঞ হাজৰিকাই স্বৰচিত গীত আৰু কথাৰে সমূহ অতিথি বৃন্দক প্ৰায় ৪০ মিনিট সময় মোহিত কৰি ৰখাৰ লগতে জীৱন জীয়াবলৈ লগা অতি দৰকাৰী আৰু মূল্যবান কথাৰে আপ্লুত কৰে।

উল্লেখ্য যে বাবাৰ বেদীৰ আগত আৰতি আগবঢ়াই সত্যেন শৰ্মা, ড০ গকুল দাস, কৰ্ণেল অৰুণ শৰ্মা, জিতেন্দ্ৰ কুমাৰ চৌধুৰী, নিলোৎপল হাজৰিকা আৰু বাল বিকাশৰ ছাত্ৰই। আনহাতে মহিলাসকলৰ হৈ বাবাক আৰতি প্ৰদান কৰে ড০ মুক্তা বিশ্বাস, ড০ শভিতা চৌধুৰী, কল্যাণী দাস আৰু সাই ভগ্নী তিনিগৰাকীয়ে। অনুষ্ঠানৰ শেষত প্ৰসাদ বিতৰণেৰে সামৰণি মৰা হয়।