গুৱাহাটী

জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ হিমাশ্ৰীৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভুত-প্ৰেত তথা অন্ধবিশ্বাসৰ সন্দৰ্ভত ভিডিঅ’ প্ৰস্তুত কৰি বিপদত পৰিছে এগৰাকী পডকাষ্টাৰ। জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ নামৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত শেহতীয়া ভুত- প্ৰেতৰ ভিডিঅ’কলৈ চানমাৰি আৰক্ষী থানাত চেনেলটোৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

সংগঠনটোৱে এজাহাৰত উল্লেখ কৰে যে ‘চয়তানক পূজা কৰা এটা ভয়ানক সংগঠন ILLUMINATI’ শীৰ্ষকেৰে বিগত ২১- ৯ -২৪ত জাম্পিং স্পাইডাৰ ষ্টুডিঅ নামৰ এটি ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত এৰি দিয়া হয়।

উক্ত ভিডিঅ’যোগে পাশ্চাত্যৰ ILLUMINATI নামৰ কোনো সংগঠনৰ নিকৃষ্ট কিছু কাম- কাজৰ বৰ্ণনা কৰা হয়। হিমাশ্ৰী শইকীয়া নামৰ মহিলা এগৰাকীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত নাম প্ৰকাশ নকৰা এগৰাকী অপ্ৰকৃতিস্থ যুৱকক মাতি আনি ILLUMINATI নামৰ এই পাশ্চাত্যৰ এটি সংগঠনৰ অতি নিকৃষ্টমানৰ অন্ধবিশ্বাসৰ কুকীৰ্তিৰ বিষয়ে তেঁওলোকে আলোচনাত মিলিত হয় বুলি উল্লেখ কৰা হৈছে এজাহাৰত।