বিজুলী ভৱন 
গুৱাহাটী

বিজুলী ভৱনৰ ৫ টাকৈ মহলাত অগ্নিকাণ্ডঃ কৰ্মৰত হৈ আছিল ৪০০ ৰো অধিক কৰ্মচাৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পল্টনবজাৰস্থিত বিজুলী ভৱনত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে প্ৰথমে দ্বিতীয় মহলাত জুইৰ সূত্ৰপাত হয় আৰু ইয়াৰ পিছতে এটা এটাকৈ ষষ্ঠ মহলালৈ জুই বিয়পি পৰিছে।

কিদৰে এই অগ্নিকাণ্ডৰ সংঘটিত হ'ল সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত দ্বিতীয় মহলাতে ১০০ ৰো অধিক কৰ্মচাৰীয়ে কাম কৰি আছিল। ৬ টা মহলা মিলাই আছিল ৪০০ ৰো অধিক কৰ্মচাৰী। এই আটাইবোৰ কৰ্মচাৰীকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

এই অগ্নিকাণ্ডত বিজুলী ভৱনৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ গৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ভিতৰে বাহিৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বাতৰি লিখি থকা পৰ্যায়লৈকে দ্বিতীয়, তৃতীয়, চতুৰ্থ মহলাৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ষষ্ঠ মহলাৰ জুই এতিয়াও নিৰ্বাপিত কৰিব পৰা নাই।

প্ৰায় ৬ ৰ পৰা ৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি হৈছে বিজুলী ভৱনৰ।