গুৱাহাটী

প্ৰথমে দুৰ্ঘটনা তাৰ পাছত বিস্ফোৰণ : ক'ত কেনেকৈ সংঘটিত হ'ল এই ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শনিবাৰেই যেন শনি লাগিল মহানগৰীৰ চানমাৰিত। এখন বাইক আৰু আন এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনা আৰু তাৰ পাছতেই এটা মোবাইল বিস্ফোৰণ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে এই দুৰ্ঘটনাত কোনো লোক হাতহতি হোৱা নাই যদিও এ এছ ১৫ ডব্লিঅ' ৩৮৯৪ নম্বৰৰ পালছাৰ বাইকখনৰ কিছু ক্ষতি হৈছে। দুৰ্ঘটনাৰ পাছতে বাইক চালকগৰাকীৰ মোবাইল ফোনটো ৰাজপথতে ওলাই পৰে। ইয়াৰ পিছতে মোবাইলটোৰ পৰা ধোঁৱা ওলাই কিছু সময়ৰ পাছতে ভিভ' কোম্পানীৰ এই ফোনটো বিস্ফোৰণ হয়।

এই ঘটনাই সেই সময়ত দুৰ্ঘটনাস্থলীত উপস্থিত থকা সকলোকে আচৰিত কৰাই নহয় আতংকিতও কৰি তুলিছে। কিয়নো সাধাৰণতে মোবাইল এটা পৰিলে মোবাইলটো ভাঙি যোৱাটো সাধাৰণ কথা যদিও এইদৰে বিস্ফোৰণ হোৱাৰ ঘটনাৰ নজিৰ নাই।

অৱশ্যে মোবাইল ফোন চাৰ্জত দিয়াৰ অৱস্থাত বিস্ফোৰিত হোৱাৰ উদাহৰণ আছে। এইদৰে মোবাইল ফোন ৰাজপথত পৰাৰ পিছত যদিহে বিস্ফোৰণ হয় তেন্তে মানুহৰ জীৱনৰ প্ৰতিয়েই ভাবুকি নমাই আনিব। মোবাইল নিৰ্মাতা কোম্পানীসমূহে এই বিষয়ত কিমান সজাগতাৰ সজাগতাৰ সৃষ্টি কৰিছে সেয়াও লক্ষ্যণীয়।