গুৱাহাটী

শিলপুখুৰী ৰাজহুৱা নামঘৰ শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটি গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : শিলপুখুৰী ৰাজহুৱা নামঘৰত দেওবাৰে আগন্তুক দুৰ্গা পূজা উপলক্ষে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়।

সভাত সৰ্বসন্মতি মৰ্মে আগন্তুক দুৰ্গা পূজা উপলক্ষে সভাপতি ডঃ সত্যেন্দ্ৰনাথ চৌধুৰী হিচাপে লোৱা হয়। একেদৰে কাৰ্যকৰী সভাপতি দীলিপ চলিহা, গোপাল দাস, সম্পাদক নীৰেণ গোস্বামী, মুনীন কাকতি, সহকাৰী সম্পাদক অতনু শৰ্মা, শুক্লেশ্বৰ দাস, পৰেশ দাস, বিতুল হাজৰিকা আৰু ৰাজীৱ ভট্টাচাৰ্য্যক লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।

উল্লেখযোগ্য যে প্ৰদূষণমুক্ত এক বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ২০২৫ চনৰপৰা মৃণ্ময় প্ৰতিমাৰ সলনি মাৰ্বলৰ স্থায়ী দুৰ্গা প্ৰতিমা স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি, সহায় সহযোগ কামনা কৰিছে শিলপুখুৰী ৰাজহুৱা নামঘৰ শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিয়ে।