গুৱাহাটী

বেলতলাত জ্যেষ্ঠ নাগৰিকৰ জেৰিয়াট্ৰিক সেৱা কেন্দ্ৰ উদ্বোধন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বেলতলাত জ্যেষ্ঠ নাগৰিকৰ বাবে চিকিৎসা ক্ষেত্ৰত প্ৰয়োজনীয় জেৰিয়াট্ৰিক সেৱা কেন্দ্ৰ মুকলি। বুধবাৰে বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সৌজন্যত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ সহযোগত এগৰাকী সুহৃদয়বান ডেকা চিকিৎসক ডা০ যোগীৰাজ দাসৰ সহায়ত বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ কাৰ্যালয় সংলগ্ন চিকিৎসা কক্ষ মুকলি কৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই।

অনুষ্ঠানত উদ্দেশ্যে ব্যাখ্যা কৰি জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ সঞ্চালক ড০ প্ৰদীপ ঠাকুৰীয়াই কয় যে,জেৰিয়াট্ৰিক সেৱা কেন্দ্ৰৰ ব্যৱস্থাৰে গণকল্যাণৰ দিশত লোৱা ভূমিকাৰ বাবে বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ কৰ্মকৰ্তাসকল প্ৰশংসাৰ পাত্ৰ। অসমৰ ভিতৰতে এইটো প্ৰথম বিনামূলীয়া জেৰিয়াট্ৰিক চিকিৎসা সেৱা কেন্দ্ৰ বুলি অভিহিত কৰে।

আদৰণী ভাষণত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে কয় যে, সন্মিলনৰ অন্তৰ্গত অসমৰ বিভিন্ন প্ৰান্তত ৩৩০ টা শাখা সন্মিলনৰ ৪ শতাংশত চিকিৎসক সদস্য আছে। তেওঁলোককো এনে ব্যৱস্থাৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ আশা প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে।

জেৰিয়াট্ৰিক সেৱা কেন্দ্ৰত চিকিৎসা প্ৰসংগত বক্তব্য ৰাখি চিকিৎসক ডা০ যোগীৰাজ দাসে কয় যে, শিশুৰ বাবে পেডিয়াট্ৰিক, মহিলাৰ বাবে গায়নোকোলজিষ্ট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে জেৰিয়াট্ৰিকৰ প্ৰয়োজন। চিকিৎসকগৰাকীয়ে সমবেত নাগৰিকৰ সকলো প্ৰশ্নৰ যথাযথ উত্তৰ দি সকলো শ্ৰেণীৰ লোকক এনে কেন্দ্ৰত চিকিৎসা সেৱা লোৱাৰ আহ্বান জনায়।