পল্টন বজাৰৰ হোটেলত খাদ্যৰ নামত বিক্ৰী হয় অখাদ্যঃ সত্য প্ৰমাণ অভিযোগ... 
গুৱাহাটী

পল্টন বজাৰৰ হোটেলত খাদ্যৰ নামত বিক্ৰী হয় অখাদ্যঃ সত্য প্ৰমাণ অভিযোগ...

নিশা জি এম চিয়ে অভিযান চলাই ছীল কৰিলে এখন হোটেল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আপুনি হোটেলত খাদ্য খায় ভাল পাই নেকি? যদি হোটেলত সঘনে খাদ্য খোৱাৰ আপোনাৰ অভ্যাস আছে তেন্তে শীঘ্ৰেই আপুনি এই অভ্যাস ত্যাগ কৰক। অথবা আপুনি যিখন হোটেলৰ পৰা খাদ্য গ্ৰহণ কৰিছে সেই হোটেলখনৰ খাদ্যৰ গুণাগুণ সম্পৰ্কে এবাৰ পৰীক্ষা কৰি লওক।

কিয়নো গুৱাহাটীৰ একাংশ হোটেলত এতিয়া খাদ্যৰ নামত অখাদ্য খোৱাইছে একাংশ অসাধু ব্যৱসায়ীয়ে। দূৰণীবটিয়া একাংশ লোকে পেটৰ ভোক নিবাৰণ কৰিবলৈ পল্টনবজাৰৰ হোটলত ভিৰ কৰে যদিও তাৰেই সুযোগ গ্ৰহণ কৰি ইয়াৰ একাংশ হোটেলে এতিয়া মানৱ শৰীৰ সৈতে খেলিছে হেতালি।

বুধবাৰে নিশা জি এম চিৰ এক অভিযানত এই কথা প্ৰমাণ হৈছ। পূৰ্বে লাভ কৰা অভিযোগ অনুসৰিয়েই নিশা জি এম চিয়ে পল্টনবজাৰৰ একাংশ হোটেলত চলাইছিল অভিযান। এই হোটেলসমূহৰ খাদ্যৰ গুণাগুণ তথা কেনে পৰিবেশত খাদ্য প্ৰস্তুত কৰে সেয়া পৰীক্ষা কৰিবলৈ গৈ জি এম চিৰ এই দলটো আচৰিত হৈ পৰে।

কিয়নো ইয়াৰে একাংশ হোটেলে খাদ্যৰ নামত গ্ৰাহকক খোৱাই আহিছে অখাদ্য। ইয়াৰ খাদ্য প্ৰস্তুত কৰা পৰিবেশো চূড়ান্ত ৰূপত অস্বাস্থ্যকৰ। জি এম চিৰ এনফ'ৰ্চমেণ্ট বিষয়াই এই হোটলৰ খাদ্য পৰীক্ষা কৰাত দেখে এসপ্তাহৰো অধিক পূৰ্বৰ মাংসকে তেওঁলোকে গ্ৰাহকক বিক্ৰী কৰিছে। ফ্ৰীজত ৰখা এনে মাংসত পোক লাগি যোৱাও প্ৰত্যক্ষ কৰে।

মানৱ শৰীৰ সৈতে এনেদৰে চূড়ান্ত ৰূপত হেতালি খেলাৰ বাবেই অভিযানকাৰী দলটোৱে 'দিলখুচ পাঞ্জাবী ধাবা' নামৰ হোটেলখন ছীল কৰি দিয়ে। উল্লেখ্য যে, পল্টনবজাৰেই নহয়, গুৱাহাটীৰ আন কেইবাটাও প্ৰান্তৰ একাংশ হোটেলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এনে অখাদ্য বিক্ৰীৰ অভিযোগ উত্থাপন হৈ আহিছিল। এইসমূহ হোটেলৰ বিৰুদ্ধে জি এম চিৰ এনে কঠোৰ স্থিতিৰ প্ৰয়োজন আছে বুলি দোহাৰিছে ৰাইজে।