ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা পুনৰ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ কেইবাখনো ৰেষ্টুৰেণ্টত অভিযান চলালে। জি এম চিৰ যুটীয়া আয়ুক্ত মৃণাল বৰাৰ নেতৃত্বত চলা এই অভিযানত জি এছ ৰোডৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল কৰিছে।
জি এছ ৰোডৰ বাৰ্বী হোটেলত অভিযান চলোৱাৰ সময়ত খাদ্য প্ৰস্তুতকৰণৰ পৰিৱেশ দেখি চকু কপালত উঠে অভিযানকাৰী দলটোৰ। প্ৰতিষ্ঠানখনৰ বাহিৰৰ সৌন্দৰ্যৰ সম্পূৰ্ণ বিপৰীত খাদ্য প্ৰস্তুতকৰণৰ পৰিবেশ।
ৰেষ্টুৰেণ্টখনৰ খাদ্য প্ৰস্তুত কৰা টাৱাত এফালে এন্দুৰ, নিগনীয়ে খাদ্য পাইছে আৰু সেই খাদ্যকে গ্ৰাহকক বিক্ৰী কৰিছে প্ৰতিষ্ঠানখনে। এনে পৰিবেশ দেখি অভিযানকাৰী দলটোৰ সকলোৰে চকু কপালত উঠে।
মানৱ শৰীৰ সৈতে এইদৰে হেতালি খেলা এই প্ৰতিষ্ঠানখনক নিশাই ছীল কৰে অভিযানকাৰী দলটোৱে। উল্লেখ্য যে, যোৱা কিছু দিন ধৰি গুৱাহাটীৰ বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আদিত এইদৰে জি এম চিয়ে অভিযান চলাই আহিছে।
এনে অভিযানৰ সময়তে কেইবাখনো হোটেল, ৰেষ্টুৰেণ্ট ছীল কৰা হৈছে। শুকুৰবাৰে নিশা অভিযানকাৰী দলটোৱে বাৰ্বী হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ লগতে একেখন হোটেলৰ খাদ্য প্ৰস্তুত কৰা আন দুখন আউটলেটো বন্ধ কৰি দিয়া হৈছে।