শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা।
পোন প্ৰথমবাৰৰ বাবে এইবাৰ অসমীয়া ভাষাত অনুষ্ঠিত হ’ব পৰীক্ষা।
প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব।
সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
পৰীক্ষাৰ্থীসকলৰ প্ৰতিও শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।