গুৱাহাটী

ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ৩কিশোৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ চূণচালিত সংঘটিত হৈছে শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি তিনিজন কিশোৰৰ। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰ ৩জন।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়াৰপিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। এছডিআৰএফ বাহিনীৰ অভিযানত ইতিমধ্যে ২জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। উদ্ধাৰ হৈছে দেৱজিত ভূঞা আৰু কুকিল কলিতাৰ মৃতদেহ। এই পৰ্যন্ত ৰাহুল দাসৰ কোনো সন্ধান ওলোৱা নাই।

জানিবপৰা মতে তিনিজন সতীৰ্থৰ সৈতে ব্রহ্মপুত্রত গা ধুবলৈ গৈছিল দেৱজিত ভূঞা(১৭), ৰাহুল দাস(২২), কুকিল কলিতা(১৭) নামৰ কিশোৰ ৩জন। তিনিজন কিশোৰৰ ঘৰ চান্দমাৰী অমিয়নগৰত।