গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ...

ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ...

গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভৱিষ্যতৰ পৰিকল্পনা কি আছে সেই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গুৱাহাটীৰ কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰিছে। খণ্ড বিচাৰপীঠে লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰিছে।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াক আদালতত সহায় কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীক গোচৰটোৰ ক্ষেত্ৰত আদালতৰ মিত্ৰ হিচাপে সহায় কৰিবলৈ আহ্বান জনায়।

গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ১৯ আগষ্ট। যোৱা ৫ আগষ্টত গুৱাহাটী মহানগৰীত বিয়লি ৩ বজাৰ পৰা অহা প্ৰায় ১ ঘণ্টাৰ বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে।

Also Read: সীমান্তত ভাৰতত প্ৰৱেশৰ বাবে বাংলাদেশীৰ হেঁচা-ঠেলাঃ বি এছ এফে দিলে বাধা...

গুৱাহাটী উচ্চ ন্যায়ালয় কৃত্ৰিম বান