গুৱাহাটী

আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সোমবাৰে এৰ জাননীযোগে জানিবলৈ দিয়ে এই কথা। বিভাগটোৰ জাননী অনুসৰি নিশা ৮.১৫ বজালৈকে বাহাল থাকিব ফেৰী সেৱা। 

উল্লেখ্য যে, বিগত ২৯ আগষ্টৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱা বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ কৰি ৰাখিছিল । বৰ্তমান ব্রহ্মপুত্রৰ জলপৃষ্ঠ কিছু সুস্থিৰ হৈ বিপদসীমাৰ তলেৰে পানী বোৱাত পুনৰ ফেৰী সেৱা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগটোৱে।