গুৱাহাটী

চানমাৰি লাচিত সংঘৰ সমীপত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীক আটক

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীৰ চানমাৰিস্থিত লাচিত সংঘৰ সমীপত নিচাজাতীয় সামগ্ৰীসহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে। সোমবাৰে সন্ধিয়া প্ৰায় ৭-০০বজাত চানমাৰি আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰীজনক আটক কৰে।

জানিব পৰামতে বিশেষ সূত্ৰে গম পাই আৰক্ষীৰ দলটোৱে সাধাৰণ পোচাকত আহি লাচিত সংঘৰ সমীপৰ পৰা ধৃত সৰবৰাহকাৰীটোক আটক কৰে। ধৃত সৰবৰাহকাৰীজনৰ নাম জেহিৰুল ইচলাম বুলি উল্লেখ কৰে। আনহাতে সৰবৰাহকাৰীজনৰ ঘৰ ইচলামপুৰত বুলি জানিবলৈ দিয়ে।

ধৃত সৰবৰাহকাৰীজনৰ স্কুটিৰ পৰা আৰক্ষীয়ে ৩০০টা নিচাজাতীয় নিষিদ্ধ টেবলেট জব্দ কৰে। এইখনিতি উল্লেখ কৰা প্ৰয়োজন যে, খাদ্যবস্তুৰ পেকেটত আনিছিল নিষিদ্ধ সামগ্ৰীখিনি।

জব্দকৃত টেবেলেটখিনিৰ মৃল্য প্ৰায় ২২,৫০০ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত জেহেৰুলক চানমাৰি আৰক্ষী চকী লৈ নিয়ে। সৰবাৰাহকাৰীজনৰ পৰা আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। সেয়ে তেওঁক আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।