গুৱাহাটী

মহানগৰী গুৱাহাটীত পুনৰ ডকাইতি কাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বামুণীমৈদামত শুকুৰবাৰে নিশা সংঘটিত হয় ডকাইতি কাণ্ড। ৬-৭জনীয়া অস্ত্রধাৰী ডকাইতৰ দলে এঘৰত প্রৱেশ সংঘটিত কৰে ডকাইতি। দলটোৱে গৃহস্থক স্প্রে মাৰি অচেতন কৰি সোণৰ আ-অলংকাৰ লুটি নিয়ে।

জানিব পৰা অনুসৰি প্রায় ১০ লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে ডকাইতৰ দলটোৱে। ইপিনে CCTVত বন্দী হয় ডকাইতি দলৰ গতিবিধি। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগীয়ে আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ।

উল্লেখ্য যে, মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। ইয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈ দাবী জনাইছে সচেতন মহলে। ইপিনে শুকুৰবাৰৰ সমগ্ৰ ঘটনা চি চি টি ভিত বন্দী হোৱাত ডকাইটিৰ দলটোক আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিব বুলি স্থানীয়ই পোষকতা কৰে যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ স্থিতি লক্ষণীয় হ'ব।