কোন এই সুন্দৰী? নিশাৰ গুৱাহাটীৰ ৰাজপথত ইমান উগ্ৰ !  
গুৱাহাটী

কোন এই সুন্দৰী? নিশাৰ গুৱাহাটীৰ ৰাজপথত ইমান উগ্ৰ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিশা গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। দুই যুৱক আৰু দুই যুৱতীয়ে মিলি এজন যুৱকক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে।

হাতীগাঁৱৰ হোটেল মুনলাইটৰ সন্মুখত যুৱক-যুৱতীৰ দলটোৱে ৰাজপথৰ মাজতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে যুৱকজনক। অৱশ্যে কিয় এই ঘটনা সংঘটিত হ'ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা নাই।

ঘটনা সংঘটিত হোৱাৰ পিছতে নিশাই আৰক্ষীৰ এটা দলে গৈ মাৰপিটত লিপ্ত হোৱা দলটোৰ এজন যুৱক আৰু এগৰাকী যুৱতীক আটক কৰে। আন এজন যুৱক আৰু আন এগৰাকী যুৱতী সেই স্থানৰ পৰা পলায়ন কৰে।