নিশাৰ ধুমুহা, বৰষুণত বিস্তৰ ক্ষতি মহানগৰীতঃ উৰুৱাই নিলে ঘৰ, বিকল বিদ্যুতৰ সেৱা... 
গুৱাহাটী

নিশাৰ ধুমুহা, বৰষুণত বিস্তৰ ক্ষতি মহানগৰীতঃ উৰুৱাই নিলে ঘৰ, বিকল বিদ্যুতৰ সেৱা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনত প্ৰচণ্ড গ্ৰীস্ম প্ৰবাহৰ মাজতে নিশাৰ ভাগত ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীত অহা ধুমুহা বৰষুণে গৰমৰ পৰা সাময়িকভাৱে জনসাধাৰণৰ সকাহ দিলে যদিও এই ধুমুহা, বৰষুণৰ পৰিণাম ভালকৈয়ে ভূগিবলগীয়া হৈছে। নিশা অহা এই ধুমুহা বৰষুণৰ ফলত মহানগৰীৰ গীতানগৰকে ধৰি নুনমাটি, চান্দমাৰিৰ বহু স্থানত গছ-গছনি ভাঙি পৰাৰ লগতে ৰুদ্ৰনগৰকে ধৰি কেইবাটাও স্থানত ধুমুহাই কেইবাটাও বাসগৃহো উৰুৱাই নিলে।

গীতানগৰত আকৌ পথৰ ওপৰতে ভাঙি পৰিল প্ৰকাণ্ড গছ। সেইদৰে বামুণীমৈদাম, নুনমাটিৰ বিভিন্ন অঞ্চলত গছ-গছনি ডাল-পাত ভাঙি পথৰ ওপৰতে বাগৰি পৰে। ইফালে ধুমুহাৰ সৈতে অহা বৰষুণজাকৰ ফলত চান্দমাৰিৰ পৰা নুনমাটিৰ পথচোৱাৰ লগতে আন আন ঠাইতো কৃত্ৰিম বানপানীয়ে বাৰুকৈয়ে জুৰুলা কৰিলে পথাচাৰিক।

বিশেষক চানমাৰি পাৰ হোৱাৰ পাছতেই বামুণীমৈদামকে ধৰি এই দীঘলীয়া পথচোৱাত পৰিকল্পনাহীনভাৱেই দুয়োকাষৰ নলা ভাঙি পুনৰ নিৰ্মাণ কৰি থকাৰ লগতে উৰণীয়া সেতুৰো কাম চলি থকাত কৃত্ৰিমবানপানীৰ সময়ছোৱাত এক ভয়ংকৰ পৰিৱেশৰ সূচনা হয়। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱাৰ ফলত বাইক, স্কুটি সেই গাতত পৰি পানীৰ মাজতে বিকল হৈ পৰাৰ লগতে নানান সমস্যাৰ সৃষ্টি হয়।

অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যদিও নলাৰ কাষত সুৰক্ষামূলকভাৱে ফিটা টানি চিন দিয়া আছে যদিও পথৰ মাজত থকা প্ৰকাণ্ড গাতত বাইক, স্কুটিৰ চকা পৰি কিছু ইফাল, সিফাল হ'লেই যে নলাত নোসোমাবগৈ তাৰ কোনো নিশ্চয়তা নাই। ইফালে নিশাৰ ধুমুহাজাকৰ ফলতে নুনমাটি, নাৰেংগী, গীতানগৰ, চানমাৰিকে ধৰি একাধিক অঞ্চলত বিদ্যুতৰ সংযোগো নিশাৰে পৰা বিকল হৈ আছে।