গুৱাহাটী

হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমীয়া সাহিত্যৰ গুৰিব'ঠা ধৰাসকলৰ অন্যতম পণ্ডিত হেমচন্দ্র গোস্বামী। সংস্কৃতি-সামাজিক চেতনা, প্রত্নতাত্ত্বিক দিশসমূহ নতুনকৈ দাঙি ধৰি কৰা ঐতিহ্য ৰক্ষাৰ চেষ্টা তথা অসমীয়া সাহিত্যৰ বৌদ্ধিক বুনিয়াদ নির্মাণেৰে নজহা-নপমা গৌৰৱৰ যি অধিকাৰী আমাক কৰিলে,সেয়া সর্বদা স্মৰণীয়।

এসময়ত অসমীয়া ভাষা-সাহিত্যৰ অন্ধকাৰ যুগৰ অৱসান ঘটোৱা আৰু বৰ্তমানৰ অসমীয়া ভাষা প্ৰায়ে এলাগী হ'বলৈ ওলোৱা অৱস্থাত হেমচন্দ্ৰ গোস্বামীৰ দৰে মনীষীৰ জীৱন আৰু কৰ্মৰাজিৰ সোঁৱৰণ একান্তই আৱশ্যক আৰু প্ৰাসংগিক। সেয়ে তেওঁৰ উত্তৰসূৰীৰ এচলুমান দায়িত্বৰে তেওঁৰ জীৱন,কর্মৰাজি আৰু জনা-অজানা অনেক কথাৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাসৰ পৃষ্ঠপোষকতাত The Greatest Legendary Scholar from Assam Pandit Hemchandra Goswami নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হয় ৷

যোৱা ২৫ জুনত তথ্যচিত্ৰখনৰ ৱৰ্ল্ড প্রিমিয়াৰ শ্ব' ৱাশ্বিংটন ডিচিত হৈ যায়। ইয়াৰ পিছত যোৱা ৮ জুলাইত যুক্তৰাজ্য অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী উদ্‌যাপনৰ মুহূর্তত তথ্যচিত্রখন প্ৰদৰ্শন কৰা হয়।

হেমচন্দ্র গোস্বামী ন্যাসৰ হৈ 'শ্ৰুতি ক্ৰিয়েচন'ৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰখনৰ গৱেষণা আৰু ৰচনা শ্রুতি জৈন আৰু টুনা গৌতমৰ। পৰিচালনা কৰিছে টুনা গৌতমে। দেওবাৰে এই তথ্যচিত্ৰখন গুৱাহাটীস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয়।

তথ্যচিত্ৰখনৰ শুভাৰম্ভণি কৰে অসম সন্তান তথা প্ৰখ্যাত অভিনেতা আদিল হুছেইনে। অনুষ্ঠানত পৰিচালকে হেমচন্দ্ৰ গোস্বামীৰ এই জীৱন ভিত্তিক তথ্যচিত্ৰখনে এক সুদূৰপ্ৰসাৰী প্রভাৱ বিস্তাৰ কৰিব আশা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য কুমাৰ ভূঞা,সাহিত্যিক মৃণালিনী দেৱীকে ধৰি ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।