৯২ বছৰতো তেওঁ লৈছে খাটি খোৱা মানুহৰ খবৰ... 
গুৱাহাটী

৯২ বছৰতো তেওঁ লৈছে খাটি খোৱা মানুহৰ খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বয়স তেওঁৰ ৯২ বছৰ। কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থতাৰ বাবে হৈছিল শয্যাগত। আজি পুৱাই তেওঁক দেখা গ'ল গুৱাহাটীৰ বিভিন্ন স্থানত। খাটি খোৱা, দৰিদ্ৰ, দিন হাজিৰা কৰা লোকসকলৰ মাজত সোমাই তেওঁ কথা পাতিলে।

বুজ ল'লে এইসকল মানুহৰ মনৰ কথা। বুজ ল'লে বিভিন্ন অভাব, অভিযোগৰ। কোনে কি কাম কৰে, কি দৰে ঘৰ চলিছে, কাম পাইছেনে নাই এনেদৰে এটাৰ পাছত এটাকৈ প্ৰশ্ন তেওঁ মানুহবোৰৰ মাজত সোমাই সুধি গ'ল।

এয়াই হেমেন দাস। কমিউনিষ্ট নেতা হেমেন দাস। চাৰিবাৰৰ বিধায়ক। গুৱাহাটী মহানগৰীত শুকুৰবাৰে পুৱাই তেওঁ আৰম্ভ কৰিলে এক অভিযান।

শিলপুখুৰী, উজানবজাৰ, বাৰোৱাৰী, আৰ্যনগৰ, ভঙাগড়, হাতীগাওঁ, ছয় মাইল আদিত তেওঁ পুৱাই কামৰ বাবে ওলাই অহা মানুহখিনিৰ মাজত সোমাই তেওঁলোৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'লে। কোনো সংবাদ মাধ্যমে এই কথা গম নাপালে।

এগৰাকী প্ৰকৃত সাম্যবাদী নেতা হিচাপে তেওঁ জীৱনৰ এই বিয়লি বেলাতো মানুহৰ মাজত সোমাই মানুহৰ দুখ, দুৰ্দশাৰ বুজ লৈছে। এয়া তেওঁৰ দায়িত্ব অথবা কৰ্তব্য বুলি ধৰি লৈছে।

আন ৰাজনৈতিক নেতাৰ দৰে তেওঁ ইয়াৰ বাবে প্ৰচাৰ বিচৰা নাই। কোনো সংবাদ মাধ্যমক আগতীয়াকৈ তেওঁৰ এই অভিযানৰ কথা কৈ প্ৰচাৰৰ লালসাত থকা নাই। যি কাম শাসকীয় পক্ষই কৰিব লাগিছিল সেই কাম হেমেন দাসে কৰি দেখুৱাই দিলে।

চৌদিশে মূল্যবৃদ্ধিৰ জুই। অভাৱ, অনাটনত জুৰুলা সাধাৰণ জনতা। ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ্মহীনৰ সংখ্যা। আয় অনুপাতে বৃদ্ধি পাইছে ব্যয়ৰ পৰিমাণ। চৰকাৰৰ জনকল্যাণমূল আঁচনিয়ে এতিয়াও স্পৰ্শ কৰিব পৰা নাই গৰিষ্ঠ সংখ্যক নাগৰিকক।

আঁতৰৰ পৰা সকলো ৰঙীন দেখিলেও বাস্তৱিক জগতখন যে সিমানেই ধূসৰ হৈ পৰিছে সেই কথা নকলেও ৰজাঘৰেও বুজিছে। যাৰ বাবে নিত্য, নতুন হিতাধিকাৰী আঁচনি তৈয়াৰত গুৰুত্ব দিছে। কণা হাঁহক পতান দিয়াৰ দৰে এক ব্যৱস্থা।

যিসময়ত শাসকীয় পক্ষই হওক অথবা আন ৰাজনৈতিক দলসমূহেই হওক চিনেমা, নিৰ্বাচনৰ পিছত দৌৰিছে, জনতাই সন্মুখীন হোৱা মূল সমস্যা, অভাৱ, অভিযোগক পিঠি দিছে সেই সময়ত হেমেন দাসে তেওঁৰ এই কাৰ্যৰ জৰিয়তে নোকোৱাকৈয়ে যেন বহু কথা কৈ গ'ল।