মা কামাখ্যাৰ সেৱা ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
পুৱাই মুখ্যমন্ত্ৰী ড০ শৰ্মা উপস্থিত হ'লগৈ মা কামাখ্যা দেৱালয়ত।
অম্বুবাচীৰ নিবৃত্তিৰ পিছত মুখ্যমন্ত্ৰীৰ এয়া প্ৰথমটো কামাখ্যা ভ্ৰমণ।
২৬ জুনৰ পুৱা ৫ বজাত সাধাৰণ ভক্তৰ বাবে মুকলি হৈছিল কামাখ্যাৰ দুৱাৰ।
২৬ আৰু ২৭ তাৰিখে বন্ধ আছিল ভি আই পি আৰু ভি ভি আই পি ব্যৱস্থা।
মুখ্যমন্ত্ৰীক কাষতে পাই ভক্তই ল'লে ছেলফি।
অম্বুবাচী উপলক্ষে কামাখ্যালৈ অহা বহু ভক্ত এতিয়াও আছে কামাখ্যাত।