গুৱাহাটী

জ্যোতি চিত্ৰবনত ‘মৃগয়া’ৰ শুভ মুহুৰত অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : শেহতীয়াকৈ অসমৰ চিনেমা উদ্যোগটোৱে বহুখিনি আশাৰ বতৰা কঢ়িয়াই আনিছে। এখনৰ পাছত আন এখন উন্নত মানৰ চিনেমাই দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ লগতে প্ৰযোজকসকলকো আশাবাদী কৰি তুলিছে।

অনাগত সময়ত অসমীয়া প্ৰযোজকে অসমীয়াৰ লগতে হিন্দী ভাষাতো চিনেমা নিৰ্মাণ কৰি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পাইছে। তেনে সময়তে অসমৰ পৰা এখন হিন্দী আৰু চাদ্ৰী ভাষাত চিনেমা নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

‘মৃগয়া’ নামৰ চিনেমাখনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যেই আৰম্ভ হৈ গৈছে। ডি কে এছ ইণ্টাৰনেছনেল এণ্ড ডি পি ইণ্টাৰনেছনেলৰ বেনাৰত দেবাশিস মণ্ডল আৰু প্ৰকাশ দাসৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ থকা চিনেমাখনৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনা দেবাশিস মণ্ডলৰ।

যোৱা ১৪ আগষ্টত জ্যোতি চিত্ৰবনত মুহুৰত সম্পন্ন হয় চিনেমাখনৰ। কেমেৰাত মাল্যাৰ্পণ কৰে বিশিষ্ট অভিনেত্ৰী ভাগিৰথী বাই কদমে। কেমেৰাৰ ছুইচ অন কৰে বিশিষ্ট অভিনেতা মুকুল দাসে আৰু ক্লেপষ্টিক দিয়ে বিশিষ্ট অভিনেতা ভবেশ দাসে।

মুহুৰত শ্বটটো দিয়ে ‘মৃগয়া’ত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হোৱা অসমীয়া চিনেমাৰ লগতে হিন্দী চিনেমাৰো এগৰাকী ব্যস্ত অভিনেতা অসম সন্তান বাহাৰুল ইছলামে। তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকে চিনেমাখনত চুক্তিবদ্ধ হোৱা মোহময়ী যুৱ অভিনেত্ৰী ধ্যানী মহন আৰু নায়কৰ ভুমিকাত অভিনয় কৰিবলগীয়া দক্ষিণৰ প্ৰতিভাশালী অভিনেতা মানি আদিয়ে।

এই চিনেমাখনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হৈছে নাৰায়ণ শীল। ডিৰেক্টৰ অৱ ফটোগ্ৰাফী সঞ্জয় ঘোষ আৰু চিনেমাখনৰ সংগীত পৰিচালনা কৰিব কীৰ্তিমান ৰেডে। অনুষ্ঠানত চিনেমাখনৰ শীৰ্ষগীতটো পৰিবেশন কৰা হয়।

জনপ্ৰিয় গায়ক অৰূপজ্যোতি বৰুৱাৰ কণ্ঠেৰে সুবিল বাৰ্গৰ ৰচনাৰে কীৰ্তিমান ৰেডে পৰিচালনা কৰা গীতটি শুনি আপ্লুত হয় উপস্থিত ৰাইজ। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা, অৰূপজ্যোতি বৰুৱা অভিনেতা দীপক ৰয়, গৌতম কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক অনুপম হাজৰিকা, প্ৰাঞ্জল এ. শৰ্মা, প্ৰমূখ্যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰ তথা সংবাদ জগতৰ বহুকেইজন লোক।

অহা ৩০ আগষ্টৰ পৰা অসমৰ লগতে মেঘালয়ৰ বিভিন্ন প্ৰান্তত শ্বুটিং হ’বলগীয়া চিনেমাখনে ভাৰতীয় মূল সুতিৰ চিনেমাৰ ধাৰাটোত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী হৈ পৰিছে প্ৰযোজক পৰিচালক সমন্বিতে মৃগয়াৰ সৈতে জড়িত কুশীলৱসকল।