কাৰ আশীৰ্বাদত জামিন পাইছিল এৰিন কটকীয়ে? গ্ৰেপ্তাৰ হ'ব ছাইৰেন গেং ! 
গুৱাহাটী

কাৰ আশীৰ্বাদত জামিন পাইছিল এৰিন কটকীয়ে? গ্ৰেপ্তাৰ হ'ব ছাইৰেন গেং !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ হিট এণ্ড ৰাণ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা অতিক্ৰম নকৰোতেই জামিন পোৱা বিষয়টোক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে অসম আৰক্ষী। এনে পৰিস্থিতিত এই হিট এণ্ড ৰাণ গোচৰৰ মূল অভিযুক্ত এৰিন কটকীক পুনৰ গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।

সমান্তৰালকৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ গৰাকীকো আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইফালে শেহতীয়াকৈ গুৱাহাটীত সন্ত্ৰাসৰ সৃষ্টি কৰা ছাইৰেন গেঙৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে আন এক গোচৰ। বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰা হৈছে ৮৭/২৪ নম্বৰৰ নতুন গোচৰ।

ইতিমধ্যে এই ছাইৰেন গেঙৰ ৯ খনকৈ বিলাসী বাহন জব্দ কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আছে ৩ খন ইন'ভা, ২ খন স্ক'ৰপিঅ', ২ খন থাৰ, এখনকৈ আলকাজাৰ আৰু ফৰ্চুনাৰ।

এই বাহনসমূহৰ একাংশত আছে অসম বিধানসভাৰো ভিআইপি, ভিভিআইপি পাছ। বাহনসমূহত লগোৱা আছে ছাইৰেন। এনে কৰাটো মটৰ ভেহিকেল এক্ট ১৯৮৮ অনুসৰি নিষিদ্ধ।

উল্লেখ্য যে, মহানগৰ আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবে জামিন লাভ কৰিছিল নালাপাৰাৰ হিট এণ্ড ৰাণ কাণ্ডৰ অভিযুক্ত এৰিন কটকীয়ে। এৰিন কটকীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল নৰবাহাদুৰ থাপা(৫৪) নামৰ এজন লোক।

আৰক্ষীয়ে এৰিন কটকীক চিনাক্ত কৰি আটক কৰিলে যদিও ২৪ ঘণ্টা নহওঁতেই ধনৰ বলত আৰক্ষীৰ জিম্মাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হয়। হিট এণ্ড ৰাণ কাণ্ডৰ অভিযুক্ত এৰিনৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে আই পি চিৰ ২০১/৩০৪ ধাৰাত গোচৰ ৰুজু কৰিছিল।

সহজতে জামিন লাভৰ এনে ধাৰা সন্নিবিষ্ট কৰাৰ বাবেই গ্ৰেপ্তাৰৰ এদিন নৌহওঁতে জামিন লাভ কৰিলে এৰিন কটকীয়ে। এৰিনৰ বিৰুদ্ধে উত্থাপিত হৈছে আন কেতবোৰ অভিযোগ।

এৰিনে পিতৃৰ চৰকাৰী বাহন নিজেই ব্যৱহাৰ কৰি ৰাজপথত বিভিন্ন সময়ত চলাই আহিছিল সন্ত্ৰাস। এৰিনৰ সন্ত্ৰাসতে ৰাজপথত প্ৰাণ হেৰুৱাইছিল নৰবাহাদুৰ থাপাই।

উল্লেখ্য, এৰিন কটকী নামৰ এই যুৱকজনৰ পিতৃ বন বিভাগৰ উচ্চপদস্থ বিষয়া পংকজ কটকী। পিতৃ উচ্চপদস্থ বিষয়া হোৱাৰ সুৱাদতে নিজে চৰকাৰী বাহন চলাই ফুৰাৰ লগতে মহানগৰীত আন কিছু এনে উচ্চ পদস্থ বিষয়া, ব্যৱসায়ীৰ উশৃংখল, স্খলিত সন্তানৰ সৈতে খুলিছিল ছাইৰেন গেং।

এই গেঙৰ সন্ত্ৰাস চলি আছিল গুৱাহাটীত। শেহতীয়াকৈ এই গেঙৰ বিৰুদ্ধেও এতিয়া ব্যৱস্থা ল'বলৈ বাধ্য হৈছে অসম আৰক্ষী। জানিব পৰা মতে ছাইৰেন গেঙৰ সদস্যসকলকো গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে।