গুৱাহাটী

দখলাৰ কলিতাপাৰাত ৰাজহুৱা হোম যজ্ঞ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বিজয়নগৰৰ সমীপৰ দখলা কলিতাপাৰাৰ ৰাইজে পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ৰাজহুৱা হোম যজ্ঞভাগ উলহ-মালহেৰে উদযাপন কৰে । পুৱা ১০ বজাত ঘট বুৰণৰ পিচতে নৰেন কলিতাৰ নেতৃত্বত ওজাপালি পৰিৱেশন কৰা হয় ।

ইয়াৰ পাছত পুষ্পাঞ্জলি প্ৰদান, ৰাজহুৱা ভোগ গ্ৰহণৰ পিচত বিয়লি নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিক আদৰণি জনায় । অনুষ্ঠানত সাংবাদিক তথা লেখক দীপক শৰ্মা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি তথা জ্যেষ্ঠ সমাজকৰ্মী কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস প্ৰভৃতিয়ে অংশ লয় ।

সন্ধিয়া ৭-০০ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰে খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডা০ কমলাকান্ত কলিতাই । বন্তি প্ৰজ্বলন কৰে অসম গণ পৰিষদৰ পলাশবাৰী সমষ্টি সভাপতি চন্দ্ৰ কলিতাই ।

শুকুৰবাৰে নিশা ৮-০০ বজাৰ পৰা নলবাৰী ত্ৰিনয়ন নাগাৰা নাম দলৰ পাঠিকা জিন্টি ডেকাই নাম পৰিবেশন কৰে। অম্বুবাচীৰ পূৰ্বে আয়োজিত দখলা কলিতাপাৰাৰ এই মাংগলিক অনুষ্ঠানে সকলোকে সন্মোহিত কৰে ।

উল্লেখ্য যে ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতা কাকতি, উপ-সভাপতি পুলক দাস, সম্পাদক জগদীশ দাস, সহ সম্পাদক ৰঞ্জন কলিতা, সদস্য পুলক দাস (মেধি), বিমল দাস(বগা), পৃষ্ঠপোষক গিৰিধৰ দাস, হেমন্ত কলিতাৰ সাৰ্থক পৰিচালনাত মাংগলিক অনুষ্ঠানটি সম্পন্ন কৰা হয়।