গুৱাহাটী

সুদক্ষ প্ৰশাসনিক বিষয়া আই এ এছ মৃদুল কুমাৰ মহন্তৰ দেহাৱসান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  সুদক্ষ প্ৰশাসনিক বিষয়া মৃদুল কুমাৰ মহন্তৰ দেহাৱসান। বুধবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সুদক্ষ বিষয়াগৰাকীৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে। ১৯৬৬চনত চানমাৰিৰ মিলনপুৰত জন্মগ্ৰহণ কৰা প্ৰয়াত মহন্ত কাৰ্বি আংলঙৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে লেবাৰ ৱেলফেয়াৰ বৰ্ডৰো সচিব পদতো কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান আসাম বৰ্ড অৱ ৰেভিনিউৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্তৰ চাকৰি জীৱন আৰু দুবছৰ কাল বাকী আছিল।

বিগত প্ৰায় ডেৰমাহ ধৰি অসুস্থ হৈ থকা প্ৰয়াত মৃদুল কুমাৰ মহন্ত গুৱাহাটীৰ এপল হস্পাতালত চিকিতসাধীন হৈ আছিল। ১৯৯২চনৰ আই এ এছ কেডাৰগৰাকী দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। প্ৰয়াত মহন্তৰ পত্নী কাব্যশ্ৰী মহন্ত এগৰাকী প্ৰশাসনিক বিষয়াৰ লগতে এগৰাকী খ্যাতনামা গল্পকাৰো। প্ৰয়াত মৃদুল কুমাৰ মহন্তই পত্নী, দুটি সন্তানৰ লগতে দুগৰাকী ভাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, মৃদুল কুমাৰ মহন্তৰ মৃত্যু বাতৰি পায়ে তেওঁৰ চানমাৰিৰ বাসগৃহত উপস্থিত হয় কেইবাগৰাকীও সতীৰ্থ প্ৰশাসনিক বিষয়া।  ওচৰ চুবুৰীয়াৰ লগতে পৰিয়াল বৰ্গৰ উপস্থিতিত নীতি-নিয়মৰ মাজেৰে নৱগ্ৰহ শশ্মানত শেষকৃত্য সম্পন্ন হব সুদক্ষ প্ৰশাসনিক বিষয়াগৰাকীৰ।