গুৱাহাটী

আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰ আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ কৰিলে ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা দ্বিবন ডেকা। নিৰ্ধাৰিত সময়ৰ ভিতৰত মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবেই জামিন লাভ কৰে অভিযুক্ত দ্বিবন ডেকাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰ আৰক্ষীক ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰৰ অভিযোগনামা দাখিল কৰাৰ বাবে ৬০ দিনৰ সময় দিছিল। কিন্তু ৬০ দিনটো মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে দ্বিবন ডেকাৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে, দ্বিবন ডেকাৰ লগতে জামিন মঞ্জুৰ কৰা হৈছে অসীমজ্যোতি চক্ৰৱৰ্তীৰ লগতে তৃষ্ণা শৰ্মাৰো। নিযুক্তিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দুয়ো। কিন্তু চৰকাৰী অধিবক্তাৰ ৰহস্যজনক নিৰৱতাৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ'ল দ্বিবন ডেকা সহিতে অসীমজ্যোতি চক্ৰৱৰ্তী আৰু তৃষ্ণা শৰ্মাৰ।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননৰ পিছতেই পোহৰলৈ আহিছিল চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ কথা। সেই কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰিত হৈছিল অসীমজ্যোতি চক্ৰৱৰ্তী আৰু তৃষ্ণা শৰ্মা। কিন্তু দুমাহৰ পিছতো সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল দুয়ো।