গুৱাহাটী

সংবাদ কৰ্মীৰ সুবিধাৰ্থে গুৱাহাটী প্ৰেছ ক্লাব স্থানান্তৰিত কৰাৰ আহ্বান জাৰ্নেলিষ্ট ফ'ৰাম অসমৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী: মহানগৰীৰ বামুণীমৈদাম অঞ্চলৰ সৈতে দীঘলীপুখুৰী সংযোগী উৰণ সেতুৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ লগে লগে জাৰ্নেলিষ্ট ফ'ৰাম অসমে গুৱাহাটীৰ সংবাদ কৰ্মীসকলৰ সুবিধাৰ্থে সুকীয়া স্থানৰ ব্যৱস্থা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে যে অসমৰ আটাইতকৈ দীঘলীয়া উৰণ সেতুখন (প্ৰায় ছয় কিলোমিটাৰ দীঘল) নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ২০২৬ চনৰ ভিতৰত ই সম্পূৰ্ণ হ’ব। প্ৰকল্পটোৱে সংযোগৰ ক্ষেত্ৰত যথেষ্ট সহজ হ’ব বুলি আশা প্ৰকাশ কৰি শৰ্মাই সংশ্লিষ্ট সকলো নাগৰিককে এই পদক্ষেপক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে। মহানগৰীৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলেও চৰকাৰক সহযোগিতা কৰি আগবাঢ়ি আহিব বুলি জাৰ্নেলিষ্ট ফৰাম অসমৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰিয়াই কয়।

উল্লেখযোগ্য যে বৰ্তমান এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থানৰ পৰা কাম কৰি থকা প্ৰেছ ক্লাবটোৱে উৰণ সেতুখনৰ নিৰ্মাণৰ সময়ছোৱাত আৰু আনকি সেতুখন সম্পূৰ্ণ হোৱাৰ পিছতো সন্মুখৰ অঞ্চলটো হেৰুৱাব। যাৰ ফলত ইয়াৰ সদস্য আৰু দৰ্শনাৰ্থীসকলৰ বাবে বাহন ৰখাৰ বাবে এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব।

সেয়েহে মহানগৰীৰ সচেতন নাগৰিকসকলে প্ৰেছ ক্লাবটো স্থানান্তৰিত কৰাৰ দাবী জনাইছে। তদুপৰি সংবাদ কৰ্মীসকলৰ সুবিধাৰ্থে কেইমাহমান আগতে অসম চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ বাবে অনুমোদন জনোৱা মাটিলৈ ক্লাৱটো স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ জাৰ্নেলিষ্ট ফৰাম অসমে সংশ্লিষ্ট ব্যক্তিসকলক আহ্বান জনাইছে।