অগ্ৰণী খবৰ 
গুৱাহাটী

যোৰাবাটত ৪২ গো-ধনসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ যোৰাবাটত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী। এখন ট্রাকৰ পৰা যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে ৪২টাকৈ গো-ধন। জানিব পৰা অনুসৰি তেজপুৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গো-ধনকেইটা।

ট্রাকখনৰ পৰা গো-ধন জব্দ কৰাৰ লগতে আটক কৰা হৈছে চালক-হেণ্ডিমেনক। ধৃত দুই সৰবৰাহকাৰী বঙাইগাঁৱৰ আছাদ আলী আৰু আজগৰ আলী। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।