সংবাদকৰ্মী অৰ্ণব ৰয়ৰ চৰম সিদ্ধান্ত... 
গুৱাহাটী

সংবাদকৰ্মী অৰ্ণব ৰয়ৰ চৰম সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ সংঘটিত হৈছে কৰুণ ঘটনা। এগৰাকী সংবাদ কৰ্মীয়ে আজিয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। সংবাদ কৰ্মীগৰাকীৰ নাম অৰ্ণব ৰয়।

উল্লেখ্য যে, গুৱাহাটীৰ এটা সংবাদ মাধ্যমৰ কৰ্মী আছিল অৰ্ণব ৰয়। তেওঁৰ হাতীগাঁৱৰ শেৱালি পথত থকা ভাড়া ঘৰৰ পৰা আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। অৱশ্যে কি কাৰণত তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া আৰক্ষীৰ সঠিক অনুসন্ধানতহে স্পষ্ট হ'ব। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।