'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ সফলতাত উৎফুল্লিত সতীৰ্থ... 
গুৱাহাটী

'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ সফলতাত উৎফুল্লিত সতীৰ্থ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ অতি ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতেই অধ্যয়ন আৰু অধ্যাৱসায়ৰ বলত 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধীনত গৱেষণা সম্পন্ন কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণাৰ বিষয় আছিল ''জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত অসমীয়া উপন্যাস''।

বনজিৎ ঠাকুৰীয়াৰ এই সফাল্যত গৌৰৱান্বিত হৈ আজি 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যালয়ত সন্ধিয়াৰ প্ৰত্যাহিক ব্যস্ততাপূৰ্ণ সময়ৰ মাজতেই এক অনুষ্টুপীয়া সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, সহযোগী সম্পাদক প্ৰকাশ মহন্তকে ধৰি সমূহ সাংবাদিক, সংবাদকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত বনজিৎ ঠাকুৰীয়াক এখন ফুলাম গামোচা, এটা জাপি, এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাই কয়, ‘’আজি আমাৰ কাৰণে অতি সুখৰ দিন। আমাৰ এজন সতীৰ্থই সংবাদকৰ্মীৰ দৰে ব্যস্ততাপূৰ্ণ কাম-কাজৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পি এইছ ডি ডিগ্ৰী লাভ কৰাটো আমাৰ বাবে অতি তৃপ্তীদায়ক কথা। তেখেতে অসমৰ সমাজ জীৱন, সাহিত্য, সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহিত্যৰ ওপৰত গৱেষণা কৰিছে। এয়া অসমীয়া প্ৰতিদিন গোষ্ঠীৰ বাবে অতি যোগাত্মক দিশ। মই বনজিতক আন্তৰিক মৰম যাচিলো আৰু আশা কৰিম এনে কৰ্মৰ জৰিয়তেই তেওঁ জীৱনত আৰু অধিক সফলতা লাভ কৰক''।

আনহাতে 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বনজিৎ ঠাকুৰীয়াক তেওঁৰ এই সাফল্যৰ বাবে শুভেচ্ছা জনাই কয় যে, সংবাদ সাহিত্য দীৰ্ঘদিন ধৰি চৰ্চাৰ বিষয় হৈ আহিছে। সংবাদ সাহিত্যৰো উৰ্ধত গৈ প্ৰথিতযশা সাহিত্যিক, কথা ছবি পৰিচালক, অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধাৰিত সাহিত্যৰ ওপৰত গৱেষণা কৰি বনজিৎ ঠাকুৰীয়াই সংবাদ সাহিত্যৰ ওপৰত হোৱা চৰ্চাৰ বিষয়টোক নতুন মাত্ৰা প্ৰদানেৰে আমালৈ এক গৌৰৱ কঢ়িয়াই আনিছে।

মহন্তই বনজিৎ ঠাকুৰীয়াই তেওঁৰ বৌদ্ধিক, বিদ্যায়তনিক উচ্চতাৰে অসমীয়া প্ৰতিদিন পৰিয়ালকো সন্মানিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত তেওঁৰ অধিক উত্তৰণ আৰু গৱেষণাৰ পৰিধি সম্প্ৰসাৰিত হোৱাৰ কামনা কৰে।

ইফালে এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনজিৎ ঠাকুৰীয়াই কয়, ‘’অসমীয়া প্ৰতিদিনৰ এজন ষ্টাফ ৰি’পৰ্টাৰ হিচাপে আমাৰ বহুত ব্যস্ততা। তাৰ মাজতো অসমীয়া প্ৰতিদিন পৰিয়ালে আমাক এইখিনি সুযোগ-সুবিধা দিছে। তথাপিও গৱেষণাৰ বাবে যিমান সময় দিব লাগে সিমান সময় দিব পৰা নাছিলো। হ'লেও যিমান পাৰি সিমানেই গৱেষণাৰ কাম আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলো। এই প্ৰচেষ্টাৰেই অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইছ ডি লাভ কৰিবলৈ সক্ষম হ’লো।

অতি ব্যস্ততাপূৰ্ণ সংবাদ মাধ্যমকে কৰ্মক্ষেত্ৰ হিচাপে বাচি লৈয়ো গৱেষণাৰ বাবে তেওঁ কিদৰে নিজকে সাজু কৰিছিল সেই সন্দৰ্ভত বনজিৎ ঠাকুৰীয়াই কয়, অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰিয়েই সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰিছিলো। অসমীয়া প্ৰতিদিনত যোগদান কৰাৰ পাছতে জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু তেওঁলোকৰ উৎসাহতে গৱেষণাৰ কাম আৰম্ভ কৰাৰ কথা চিন্তা কৰিলো। সেই অনুসৰিয়েই অসমীয়া সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তি জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন, সাহিত্য আৰু কৰ্মৰাজিৰ ওপৰত লিখা সাহিত্যক লৈ মোৰ গৱেষণা আৰম্ভ কৰিবলৈ চেষ্টা কৰিলো। সেই চেষ্টাৰ বাবেই আজি মোৰ এই প্ৰাপ্তি।''