খানাপাৰাত ৰাজপথৰ মাজতে বাগৰি পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক... 
গুৱাহাটী

খানাপাৰাত ৰাজপথৰ মাজতে বাগৰি পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগালী বিহুৰ আনন্দত সৰ্বত্ৰে সকলো মতলীয়া হৈ থকাৰ সময়তে পুৱাই খানাপাৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। প্ৰচণ্ড কুঁৱলীৰ মাজতে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত ৰাজপথৰ মাজতে বাগৰি পৰে এখন চিমেন্ট ভৰ্তি ট্ৰাক।

উল্লেখ্য যে, শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত প্ৰচণ্ড কুঁৱলীয়ে বাট-পথ মনিব নোৱাৰা এক পৰিৱেশৰ সূচনা কৰিছে। খানাপাৰাতো একেই অৱস্থা। তাৰ মাজতে এখন চিমেণ্ট ভৰ্তি ট্ৰাকে ডিভাইডাৰত খুন্দা মাৰে। তাৰ পাছতেই ৰাজপথৰ মাজত বাগৰি পৰে। ফলত পথচোৱা কিছু পৰিমাণে আৱদ্ধ হৈ পৰে। সৌভাগ্য ক্ৰমে এই দুৰ্ঘটনাত কোনো ব্যক্তিৰে ক্ষয়-ক্ষতিৰ খবৰ এতিয়ালৈকে পোৱা নাই।