হাস্পতালৰ বিচনাত উন্মোচিত কিৰণ্ময়ী মহন্তৰ 'স্মৃতিৰ এষণা' শীৰ্ষক গ্ৰন্থ  
গুৱাহাটী

হাস্পতালৰ বিচনাত উন্মোচিত কিৰণ্ময়ী মহন্তৰ 'স্মৃতিৰ এষণা' শীৰ্ষক গ্ৰন্থ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ বিচনাত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে সোমবাৰে কিৰণ্ময়ী মহন্তৰ 'স্মৃতিৰ এষণা' শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত আৰু নেমকেয়াৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই। তেজপুৰৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী তথা ধৰ্মৰত্ন গহণ চন্দ্ৰ গোস্বামীৰ তৃতীয়গৰাকী কন্যা কিৰণ্ময়ী মহন্তই তেখেতেৰ বৰ্ণাঢ্য জ্ঞান-অভিজ্ঞতাক সামৰি এলানি লেখা নিয়মীয়াকৈ অসমীয়া প্ৰতিদিন কাকতত লিখি আহিছিল।

৮৩ বছৰীয়া এইগৰাকী বিদুষী মহিলা শেহতীয়াকৈ বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে তেখেতৰ পুত্ৰ, বোৱাৰী আৰু পৰিয়ালে কাকতত প্ৰকাশিত সেই লেখা বোৰৰ মাজৰ পৰাই নিৰ্বাচিত কেইটামান লেখাৰে 'স্মৃতিৰ এষণা' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। অতি সহজ-সৰল ভাষাৰে প্ৰকৃতি আৰু মানৱ সমাজৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা চিত্ৰক গ্ৰন্থখনৰ জৰিয়তে কিৰণ্ময়ী মহন্তই সজীৱ কৰি তুলিবলৈ সক্ষম হৈছে।

গ্ৰন্থখন উন্মোচন কৰি নন্দিনীৰ সম্পাদক মাইনী মহন্তই কয়, সাধাৰণতে আমাৰ মহিলাসকলে সংসাৰ পালন কৰি ল'ৰা-ছোৱালী ডাঙৰ, দীঘল কৰি পৰৱৰ্তী জীৱনত অলস অনুভৱ কৰে। তাৰ মাজতে কোনোবাই কোনোবাই হতাশাতো ভূগে। কিন্তু কিৰণ্ময়ী মহন্ত এনে এগৰাকী মহিলা যিয়ে সুন্দৰকৈ সংসাৰ ধৰ্ম পালন কৰি আটাইকেইটা ল'ৰা, ছোৱালীকে উপযুক্ত কৰি তুলি সমাজৰ বাবে কাম কৰিছে। লেখা-মেলা আৰম্ভ কৰিছে। যি অঞ্চললৈ গৈছে সেই অঞ্চলৰে ল'ৰা-ছোৱালীক সজ কথা শিকাইছে, শংকৰ গুৰুজনাৰ গীত-মাত শিকাইছে। তেওঁৰ লেখাবোৰ পঢ়িলে এনে লাগে যেন তেওঁ বহু দিনৰ পৰা লিখিয়েই আছে।

ইফালে ডাঃ হিতেশ বৰুৱাই নেমকেয়াৰ হাস্পতালত এনে এটি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সেই অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই গৌৰৱান্বিত বুলি উল্লেখ কৰে। তেওঁ এই গ্ৰন্থখন নতুন প্ৰজন্মৰ বাবে বহু উপকৃত হ'ব বুলিও কয়। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা কিৰণ্ময়ী মহন্তৰ আত্মীয় প্ৰকাশ মহন্তই আঁতধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কিৰণ্ময়ী মহন্তৰ জীয়ৰী, মিনাক্ষী মহন্ত, নীলাক্ষী বৰুৱা, বোৱাৰী ডাঃ নীলাক্ষী মহন্ত, মৌচুমী মহন্ত, জোঁৱাই তথা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰেমানন্দ মহন্ত উপস্থিত থাকে।