বিদুষী মহিলা কিৰণ্ময়ী মহন্তৰ শাৰীৰিক অৱস্থা অতি সংকটজনক...  
গুৱাহাটী

বিদুষী মহিলা কিৰণ্ময়ী মহন্তৰ শাৰীৰিক অৱস্থা অতি সংকটজনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট বিদুষী মহিলা কিৰণ্ময়ী মহন্তৰ শাৰীৰিক অৱস্থা অতি সংকটজনক। নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া তথা গুৱাহাটীৰ নবীন নগৰৰ নামঘৰকে ধৰি একাধিক অনুষ্ঠানেৰে জড়িত কিৰণ্ময়ী মহন্ত দীৰ্ঘদিন ধৰি শয্যাগত হৈ আছিল যদিও তেওঁ বৰ বিশেষ জটিল অৱস্থাত নাছিল।

২০২৩ বৰ্ষৰ শেষৰ ফালে এক দীঘলীয়া সময় ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছিল যদিও জটিল অৱস্থাৰ পৰা মুক্ত হৈ তেওঁ কিছু সুস্থ হৈ উঠিছিল। ইয়াৰ পাছৰে পৰা তেওঁ বাসগৃহতে শয্যাগত হৈ আছিল।

উল্লেখ্য যে, এইগৰাকী বিদুষী মহিলাৰ 'স্মৃতিৰ এষণা' শীৰ্ষক এক গ্ৰন্থও যোৱা অক্টোবৰ মাহত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে উন্মোচন কৰা হৈছিল। তেজপুৰৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী তথা ধৰ্মৰত্ন গহণ চন্দ্ৰ গোস্বামীৰ তৃতীয়গৰাকী কন্যা কিৰণ্ময়ী মহন্তই তেখেতেৰ বৰ্ণাঢ্য জ্ঞান-অভিজ্ঞতাক সামৰি লেখা কেইটামান নিৰ্বাচিত লেখাক সামৰি গ্ৰন্থ প্ৰকাশ কৰা হৈছিল।

পঢ়ক কিৰণ্ময়ী মহন্তৰ গ্ৰন্থ উন্মোচনৰ সেই বিশেষ বাতৰিঃ