গুৱাহাটীৰ লালগণেশত ভূমিস্খলনত শিশুৰ মৃত্যুঃ আহত মাতৃ... 
গুৱাহাটী

গুৱাহাটীৰ লালগণেশত ভূমিস্খলনত শিশুৰ মৃত্যুঃ আহত মাতৃ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰীমালৰ প্ৰভাৱত গুৱাহাটী মহানগৰীত মঙ্গলবাৰে অহা ধুমুহা, বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ অৱসান এতিয়াও হোৱা নাই। প্ৰচণ্ড বৰষুণত কোমল হৈ পৰিছে গুৱাহাটীৰ বিভিন্ন পাহাৰ। সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।

আজি লালগণেশত সংঘটিত হোৱা এনে এক ভূমিস্খলনৰ ঘটনাত এটি শিশুৰ কৰুণ মৃত্যু হৈছে। এই ঘটনা লালগণেশৰ কৃষ্ণনগৰত সংঘটিত হৈছে।

জানিব পৰা মতে শিশুটি শুই থকাৰ সময়ত ঘৰৰ ওপৰত বাগৰি পৰে গাৰ্ড ৱাল। আনহাতে আহত হৈছে শিশুটিৰ মাতৃও।

দিলীপ দাস নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, এই পৰিয়ালটোৱে এডোখৰ ভূমি চোৱা-চিতা কৰি আছিল। নীতি-নিয়ম ভংগ কৰি নিৰ্মাণকাৰ্য চলোৱাৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।