গুৱাহাটী

‘জয় হনুমেন’ৰ বিৰুদ্ধে আইনী পদক্ষেপৰ সম্ভাৱনা ! সনাতন ধৰ্মৰ ভগৱানক মুকলি অপমানৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : “ভাৰতবৰ্ষত ছবি আৰু চলচিত্ৰ উদ্যোগত সনাতন ধৰ্মৰ ভগৱান, দেৱী -দেৱতা, পৰম্পৰা আদিক লৈ নানা অপমানজনক আৰু সনাতন ধৰ্মৰ অনুগামীৰ আস্থাক লৈ কৌতুক, অপমানজনক সংলাপ, প্ৰচাৰ, প্ৰসাৰ কৰাৰ এটা সুপৰিকল্পিত ষড়যন্ত্ৰৰ দেখা পোৱা গৈছে, সমগ্ৰ দেশত। এইয়া ভাৰতবৰ্ষৰ বাবে ভয়ানক ইংগিত।

এই ভয়ানক ষড়যন্ত্ৰৰ অংশ এতিয়া অসমৰ ছবি উদ্যোগতো প্ৰৱেশ কৰিছে। অসমত আৰু ভাৰত তথা বিশ্বৰ ১৪০ কোটি সনাতন ধৰ্মৰ অনুগামীৰ আস্থা-বিশ্বাসত বাৰম্বাৰ আঘাত হানি থকা একাধিক অনুষ্ঠান, ছবি আদি নিৰ্মাণ হৈ থকা দেখা হৈছে।“ - এই মন্তব্য প্ৰকাশ কৰে একম্ সনাতন ভাৰত দলৰ অসম প্ৰদেশ সভাপতি তথা সনাতন আইন তথা ন্যায় পৰিষদৰ মুখ্য আইন সম্পাদক অমিতাভ শৰ্মাই।

সভাপতি শৰ্মাই প্ৰকাশ কৰে যে , শেহতীয়াকৈ ‘জয় হনুমেন’ নামৰ এখন ছবি মুকলি কৰিবলৈ লৈছে নিৰ্মাতা তথা ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ দি কে হস্পিতালেটি নামৰ এটা প্ৰতিষ্ঠানে। ইতিমধ্যে অফিচিয়েল ট্ৰেইলাৰ এটা মুকলি কৰিছে, য'ত স্পষ্ট কৈ এজন ব্যক্তিয়ে সাধুৰ ভেশত, অভিনেতাজনক "হনুমান" ("তু টো সাক্ষাৎ হনুমান হাই, বুলি হিন্দী ভাষাত কৈছে") যিটো সম্পূৰ্ণৰূপে আপত্তিজনক বুলি মন্তব্য কৰে।

বিগত কিছুদিনৰ পৰা দেখা গৈছে যে, পৰিচালক হিমাংশু প্ৰসাদ দাসে বিভিন্ন অনুষ্ঠান বা ব্যক্তিৰ প্ৰশ্নত ভগৱান হনুমানৰ কোনো ব্যৱহাৰ হোৱা নাই বুলি মন্তব্য কৰি আহিছে। বৰঞ্চ কাল্পনিক হনুমেন নামৰ এজন অতি মানব(super man) ৰহে উল্লেখ বা ব্যৱহাৰ কৰা বুলি পৰিচালক দাসে উল্লেখ কৰিছিল। যিটো সম্পূৰ্ণ ৰূপে মিছা বুলি মুকলি কৰা ট্ৰেইলাৰত প্ৰমাণ হয়।

উক্ত ট্ৰেইলাৰৰ বিভিন্ন সংলাপত ভগৱান হনুমানক লৈ অপমানজনক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। যিটো সম্পূৰ্ণৰূপে সনাতন বিৰোধী আৰু কোনো সনাতন ধৰ্মৰ ব্যক্তিয়ে মানি নলয় বুলি মন্তব্য কৰে।

ইয়াৰ লগতে ছবিৰ প্ৰ'মত সনাতন ধৰ্মৰ ভগৱান শ্ৰী হনুমানৰ,  হনুমান চালিচাৰ এটা শাৰীও প্ৰয়োগ কৰা হৈছে। এফালে হনুমান চালিচা প্ৰয়োগ কৰিছে হিমাংশু প্ৰসাদ দাসে আৰু আনহাতে দাবী কৰিছে যে ভগৱান হনুমানৰ কোনো উল্লেখ নাই বা ছবিত ব্যৱহাৰ হোৱা নাই।

সভাপতি শৰ্মাই , একম্ সনাতন ভাৰত দল আৰু সনাতন আইন তথা ন্যায় পৰিষদৰ মজিয়াৰ পৰা নিম্নলিখিত প্ৰশ্ন কেইটা ছবি নিৰ্মাতা তথা ঠিকাদাৰ ধনেশ্বৰ কলিতা, পৰিচালক হিমাংশু প্ৰসাদ দাস, সৃষ্টি শ্ৰেয়ম, শান্তনু ৰৌমুৰীয়া তথা মুম্বাইৰ ধ্বনি অভিযন্তা দেৱব্ৰত চলিহা আদি লৈ উত্থাপন কৰিছে ।

এই প্ৰশ্নৰ ভিত্তি  ভাৰত বৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰ তথা ইয়াৰ উপ দফা ১৯(২), Cinematograph Amendment Act, 2023, Cinematograph (Certification) Rules, 2023 আদিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে বুলি বিবৃতিত উল্লেখ কৰে।

প্ৰশ্নকেইটা হৈছে-

১) যদি ছবিখনত সনাতন ধৰ্মৰ ভগৱান শ্ৰী হনুমানৰ লগত কোনো মিল নাই, তেতিয়া হ’লে মুকলি কৰা পষ্টাৰখনত দেখা মূল অভিনেতাজনৰ গঠন আৰু মুখৰ ৰেহ ৰূপ শ্ৰী হনুমানৰ লগত কেনেকৈ মিল আছে?

২) প্ৰচাৰৰ সময়ত হাতত গদা লৈ ভগৱান শ্ৰী হনুমানৰ নিচিনা কৈ গোটেই অসমত ঘূৰি ফুৰিছে অথচ দাবী কৰিছে ভগৱান হনুমানৰ লগত কোনো সম্পৰ্ক নাই? এইয়া কেনেকৈ সম্ভৱ?

৩) যি কোনো সাধাৰণ মানুহৰ বাবে জয় হনুমেনৰ নামৰ তথাকথিত ছবিখন সকলো বস্তু, উপস্থাপন , ধৰণ কাৰণ, গদা , অভিনেতাৰ মুখমণ্ডলত ভগৱান সদৃশ আকাৰ শৰীৰৰ ভঙ্গিমা সনাতন ধৰ্মৰ ভগবান শ্ৰী হনুমানৰ লগত সদৃশ আছে, তেনেস্থলত কেনেকৈ সনাতন ধৰ্মীয় অনুগামীৰ আবেগ অনুভূতিত আঘাত নহ’ব?

৪) হিমাংশু প্ৰসাদ দাসে দাবী কৰিছে, CBFC ৰ কাৰিকৰী দিশ আৰু নীতি নিয়মৰ ফালৰ পৰা জয় হনুমেনক অনুজ্ঞা পত্ৰ দিয়া হৈছে। এই ক্ষেত্ৰত শৰ্মাই উদাহৰণ দি কয়, বলিউডৰ অভিনেত্ৰী কংগণা ৰানাৱটৰ ছবি Emergencyক অনুজ্ঞাপত্ৰ দিয়াৰ পিছতো মুকলি কৰিবলৈ দিয়া হোৱা নাই। কাৰণ তাতে শিখ ধৰ্মালম্বী লোকৰ অনুভূতিৰ আঘাত হোৱাটো নিশ্চিত হৈছে। তেনেহ’লে সনাতন ধৰ্মৰ অনুগামীৰ আস্থাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে নে নালাগে, প্ৰযোজক তথা লিখক, নিৰ্মাতাই উত্তৰ দিয়ক?

৫) বলিউডৰ  সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱতী ছবিৰ দ্বাৰা সনাতন ধৰ্মৰ আবেগ অনুভূতিৰ আঘাত হৈছিল। পদ্মাৱতীৰ লেখিয়াকৈ জয় হনুমেন ছবিখনে সনাতন ধৰ্মৰ অনুগামীসকলৰ সংবিধান প্ৰদত্ত আস্থা আৰু অনুভূতিক আঘাত হানিছে। এই ক্ষেত্ৰত নিৰ্মাতা আৰু প্ৰযোজকসকল নিমাত হৈ আছে কিয় বুলি প্ৰশ্ন কৰে।

জয় হনুমেনৰ গল্প, সংলাপ, চৰিত্ৰৰ ভিত্তিত CBFC যদি অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে এই অনুজ্ঞাপত্ৰ চূড়ান্ত, বা ইয়াৰ বিৰোধিতাৰ কোনো থল থাকিব নোৱাৰে। এই ক্ষেত্ৰত হিমাংশু প্ৰসাদ দাসে CBFC ৰ অনুজ্ঞাপত্ৰৰ কথা কৈ দেশৰ ১১০ কোটি সনাতন ধৰ্মৰ অনুগামীৰ আস্থা ভঙ্গ কৰিব নোৱাৰে।

এই ক্ষেত্ৰত উদাহৰণ হিচাপে ল'ব পাৰি , কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়া ,বোম্বে উচ্চ ন্যায়ালয়ৰ গোচৰ PETA & Anr Vs Union of India & Others। এই গোচৰত  বিচাৰপীঠত আছিল ন্যায়াধীশ ক্ৰমে দলবীৰ ভাণ্ডাৰি আৰু বৰ্তমানৰ ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশবন্ত চন্দ্রচূড়ৰ ।

৬)ছবি নিৰ্মাণৰ সময়ত CBFC ৰ দ্বাৰা Cinematograph (Certification) Rules, 1983ত স্পষ্ট লিখা আছে কোনো প্ৰকাৰৰ ছবি সংবিধানৰ মৌলিক অধিকাৰ তথা সংবিধানৰ দফা ১৯(২) ৰ অধীন Public Order and Morality etc, আদিৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব। তেনেহ’লে জয় হনুমেন নামৰ ছবিত কিয় এই নিয়মসমূহ পালন কৰা হোৱা নাই, যাৰ দ্বাৰা কেৱল মাথোন সনাতন ধৰ্মৰ অনুগামীৰ আস্থাত আঘাত প্ৰদান কৰা হৈছে।

৭)Cinematography(Amendment) Act, 2023,  Cinematography Certification Rules, 2024 অন্তৰ্গত কি কি ভিত্তিত এখন ছবিক certification দিয়া হয় সেইয়া স্পষ্টকৈ লিখা আছে, বিশেষকৈ সংবিধানৰ দফা ১৯(২) ৰ অন্তৰ্গত ৰাজহুৱা শান্তি শৃংখলা,  নৈতিকতা, ধৰ্মীয় অনুভূতিৰ বিষয়ে। তেনেস্থলত মাত্ৰ CBFC ৰ প্ৰমাণ পত্ৰ পালেই যে সকলো শেষ হ'ল এনে ধৰণৰ ভ্ৰান্ত ধাৰণা কিয় প্ৰসাৰ কৰিছে ?

৮)সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হিমাংশু প্ৰসাদ দাসে CBFC ৰ অনুজ্ঞাপত্ৰৰ দোহাই দি CBFC ৰ অনুজ্ঞাপত্ৰৰ  দ্বাৰা প্ৰদান কৰা ক্ষমতা আৰু অধিকাৰৰ অপপ্ৰয়োগ কৰিছে। প্ৰশ্ন হয়,  অনুজ্ঞাপত্ৰৰ ক'ত লিখা আছে কেনেকৈ ছবিখনৰ প্ৰসাৰ - প্ৰসাৰ কৰিব? অনুজ্ঞাপত্ৰৰ ক'ত লিখা আছে সনাতন ধৰ্মৰ আবেগ অনুভূতিৰ ওপৰত নিজৰ ইচ্ছাত আঘাত হানিব পাৰিব?

সভাপতি শৰ্মাই প্ৰকাশ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়  "সনাতন ধমৰ্ৰ অনুগামীসকলৰ ধৰ্মীয় আস্থাক ভাৰতীয় সংবিধানৰ সুৰক্ষা আৰু বিভিন্ন ন্যায়ালয়ৰ বিচাৰ আদিৰ মাজেৰে সুৰক্ষা দিয়া হৈছে।" সেইবাবে নিৰ্মাতা , প্ৰযোজকক ৰাজহুৱাভাৱে সনাতন ধৰ্মৰ অনুগামীক জয় হনুমেন ছবিখন প্ৰদৰ্শিত কৰিবলৈ হ'লে  সাল সলনি কৰি, নাম পৰিবৰ্তন কৰি, তথা যাৱতীয় কৰ্ম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিবলৈ ২৪ ঘণ্টাৰ ভিতৰত আহ্বান জনোৱা হ’ল।

অন্যথা কোনো উত্তৰ নাহিলে , পৰবৰ্তী পৰ্যায়ত যাৱতীয় আইনী ব্যৱস্থা, অপৰাধমূলক গোচৰ, ৰাজহুৱা স্বাৰ্থজনিত আবেদন, CBFC লৈ পোনপটীয়া অভিযোগ, কেন্দ্ৰীয় সূচনা আৰু সম্প্ৰচাৰ মন্ত্ৰনালয় তথা আন যাৱতীয় আইনী পদক্ষেপ লোৱাৰ ব্যৱস্থা  কৰিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে।