গুৱাহাটী

যোৰাবাট-জালুকবাৰীত বিলাতী সুৰা জব্দ : ৩জনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে শনিবাৰে দিনৰভাগত যোৰাবাটত তালাচী চলাই মেঘালয়ত বিক্ৰীৰ বাবে প্ৰস্তুত কৰা প্ৰায় ১৩৫ কাৰ্টুন বিলাতী সুৰা কঢ়িয়াই অনা এখন বলেৰো পিক-আপ ভান জব্দ কৰে। জানিব পৰা মতে কোনো ধৰণৰ বৈধ নথি -পত্ৰ অবিহনে জব্দকৃত সুৰাখিনি অনা হৈছিল ।

এই সংক্ৰান্তত বাহনখনৰ চালকক আটক কৰি অসম আবকাৰী আইনৰ ৫৩(১) (ক )দফাৰ অধীনত গোচৰ ৰুজু কৰা হয়। আনহাতে আবকাৰী বিভাগৰ তহলদাৰী গোট এটাই জালুকবাৰীত অভিযান চলাই ১৫০ লিটাৰ চুলাইসহ এখন মাৰুতী চুইফট বাহন জব্দ কৰে।

উক্ত বাহনখনৰ চালকসহ দুজনক আটক কৰি আবকাৰী আইনৰ ৫৩(১)(ক) ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।