গুৱাহাটী

আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি মুকলি কৰা হ'ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন। ইতিমধ্যে অসম বিধানসভাৰ স্থায়ী ভৱনটো সজাই-পৰাই তোলা হৈছে। সজাই-পৰাই তোলা হৈছে ভৱনটোৰ চৌপাশ। অসমবাসীয়ে লাভ কৰিব স্থায়ী বিধানসভা ভৱন।

প্ৰায় ৩৫১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা স্থায়ী ভৱনটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ আন আন মন্ত্ৰী-বিধায়ক তথা কৰ্মকৰ্তাৰ উপস্থিতিত অসম বিধানসভাৰ স্থায়ী ভৱনটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব।

ইফালে ১৫ মহলীয়া ভৱনটোত থাকিব অত্যাধুনিক সা-সুবিধা। দুখন মূল প্ৰৱেশ দ্বাৰ থকা অসম বিধানসভাৰ স্থায়ী ভৱনটোৰ প্ৰথম মহলাত ১৭২জন বিধায়ক বহিব পৰাকৈ আসন থাকিব। আনহাতে ভৱনটোৰ সন্মুখ ভাগত এখন আটকধুনীয়া ফুলনি বাগিচাৰো ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে,১৮,৪৫৯ বৰ্গ মিটাৰৰ এই নতুন ভৱনটোৰ নিৰ্মাণৰ কাম ২০০৮ চনতে আৰম্ভ কৰা হৈছিল।