বিউটেক ছিগনেছাৰ এৱাৰ্ড-২০২৪ৰ মেকআপ আৰু হেয়াৰ ষ্টাইল প্ৰতিযোগিতা... 
গুৱাহাটী

বিউটেক ছিগনেছাৰ এৱাৰ্ড-২০২৪ৰ মেকআপ আৰু হেয়াৰ ষ্টাইল প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মনিৰাম দেৱান ট্রেড চেণ্টাৰত যোৱা ১মাৰ্চত বিউটেক ছিগনেছাৰ এৱার্ড-২০২৪ অনুষ্ঠিত হয়। এই অনুষ্ঠানত মেকআপ, হেয়াৰ ষ্টাইল আৰু মেহেন্দী আর্ট প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ ১৭খন প্রতিষ্ঠানৰ প্রায় ১০০ তকৈ অধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে। উল্লেখ্যে বিউটেক ছিগনেছাৰ এৱার্ড হ'ল ১৯৯৮ চনৰে পৰা চলি অহা ভাৰতৰ একমাত্র মেকআপ আৰু হেয়াৰ ষ্টাইল প্রতিযোগিতা।

প্রতিযোগিতাখন মুম্বাইৰ বিউটেক বিটুবি এক্সপোৰ সৌজন্যত ছিগনেছাৰ ইনষ্টিটিউতৰ দ্বাৰা আয়োজন কৰিছে। বিউটেকৰ পৰিচালন সঞ্চালক উমেশ মধ্যায়নে অনুষ্ঠানটিত উপস্থিত থাকি জনায় যে, প্রসাধন সামগ্রী দক্ষ ব্যক্তি, উৎপাদক আৰু ব্যৱসায়ীৰ লগত প্রত্যক্ষ যোগাযোগ কৰিব বিচাৰো। ইয়াত বিভিন্ন ব্ৰেণ্ডৰ প্ৰসাধন সামগ্রী, মেচিন প্রদর্শন কৰা হৈছে। প্রতিযোগীসকলে ৰেহাই মূল্যত নিজৰ প্রয়োজনীয় সামগ্রী ক্রয় কৰিব পাৰিব। আমি ইয়াত বিভিন্ন ব্ৰেণ্ডৰ সামগ্রী ওপৰত থকা দক্ষতা প্রদর্শন কৰাৰ বাবে বিশেষজ্ঞ সকলোকে নিমন্ত্রণ জনাইছো। প্রায় ৬০০০ তকৈও অধিক দর্শকে অংশগ্রহণ বাবে নাম পঞ্জীয়ন কৰিছ।

সভাগৃহত উপস্থিত থাকি সকলো পৰিচালনা কৰাত ব্যস্ত থকা ডাঃ মধুমিতা শইকীয়াই কয় যে 'ছিগনেছাৰ এৱার্ড মেকআপ আৰু হেয়াৰ ষ্টাইল' প্রতিযোগিতাখন আয়োজন কৰিবলৈ পায় অত্যন্ত সুখী। ছিগনেছাৰ ইন্সটিটিউটে বর্তমান ভাৰতৰ প্ৰথম ১০খন উন্নত ইন্সটিটিউটৰ ভিতৰত অন্যতম স্থান লাভ কৰিছে।

ছিগনেছাৰ ইনষ্টিটিউটৰ অধ্যক্ষ মধুমিতা শইকীয়াই জনায় যে, বিভিন্ন ব্ৰেণ্ডৰ প্ৰসাধন প্রতিষ্ঠান পৰা আমি যথেষ্ট সহাৰি পাইছোঁ। অনলাইন অফলাইনৰ যোগেদি এই প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ ১০০তকৈ অধিক প্রতিযোগীয়ে নাম পঞ্জীয়ন কৰিছে। ১৮ খন প্রতিষ্ঠানৰ পৰা অহা ছাত্র-ছাত্রীয়ে নিজস্ব প্রতিভা প্রদর্শন কৰি এক স্বাস্থ্যকৰ প্ৰতিযোগিতামূলক পৰিবেশ সৃষ্টি কৰিছে। এনে ধৰণৰ প্রতিযোগিতাই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।

উক্ত প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ ফলত যুৱক-যুৱতীসকল স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপিত কৰিবলৈ সক্ষম হয়। আনহাতে মঞ্চত প্রদর্শন কৰা কৰ্মই তেওঁলোকৰ সৃজনীমূলক প্রতিভা প্রদর্শন কৰাৰ সুবিধা পায়। ইয়াৰ বাবে ব্যৱসায়িকভাবে সফলতা লাভ কৰাৰ সুবিধা পায়।

মেকআপ আৰু হেয়াৰ ষ্টাইল প্রতিযোগিতাখন সাফল্যমণ্ডিত কৰিবলৈ বিউটেক সদস্যৰ লগত দিনে নিশাই ব্যস্ত হৈ পৰিছে ছিগনেছাৰ ইনষ্টিটিউটৰ কৰ্মচাৰী অনিমা বেগম আৰু বর্ণালী গগৈ। তেখেতসকলে জনায় যে, নিজৰ সৃষ্টিশীলতা প্রতিভা বিকশিত কৰিবলৈ এইখন হ'ল উত্তম মঞ্চ।

এই প্ৰতিযোগিতাৰ প্রাক্তন বিজয়ীসকলে বর্তমান বিভিন্ন প্রতিষ্ঠানত কৰ্মৰত হোৱাৰ সুবিধা পাইছে। এই প্রতিযোগিতাত বিজয়ীসকলক বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।