এছ বি আইৰ ATM ত ভৰাবলৈ অনা ৪ কোটি টকা লুট HITACHI প্ৰতিষ্ঠানৰ মেনেজাৰৰ... 
গুৱাহাটী

এছ বি আইৰ ATM ত ভৰাবলৈ অনা ৪ কোটি টকা লুট HITACHI প্ৰতিষ্ঠানৰ মেনেজাৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকৰ পৰা ৪ কোটি টকা লুণ্ঠন কৰি আৰক্ষীৰ জালত HITACHI কোম্পানীৰ কৰ্মচাৰী। উল্লেখ্য যে, এছ বি আইৰ এটিএমত ভৰাবলৈ অনা ৪ কোটি টকা লৈ উধাও হৈছিল HITACHI কোম্পানীৰ কৰ্মচাৰী অজয় বিশ্বকৰ্মা।

জানিব পৰা মতে অজয় বিশ্বকৰ্মা HITACHI কোম্পানীৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল। তেওঁক ধন লুট কৰাৰ এই কাৰ্যত সহায় কৰিছিল একেটা প্ৰতিষ্ঠানৰ আন কেইবাজনো কৰ্মচাৰীয়ে।

এই ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে আৰক্ষীয়ে নাৰেংগীৰ বীৰকুছিৰ পৰা আটক কৰিছে অজয় বিশ্বকৰ্মাক।